নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনয়ত নহয়… মেধাৰ শীৰ্ষত ছানী লিঅ’নি

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  মেধাৰ শীৰ্ষত আছে বলিউদৰ মোহময়ী অভিনেত্ৰী ছানী লিঅ’নি। দৰাচলতে পশ্চিমবংগৰ দক্ষিণ কলকাতাৰ আশুতোষ কলেজৰ ইংৰাজী বিভাগৰ মেধাৰ তালিকাৰ শীৰ্ষত আছে ছানি লিঅ’নিৰ নাম।

মন কৰিব লগীয়া যে ছানি লিঅ’নিক চলিত শিক্ষা বৰ্ষত উচ্চতৰ  মাধ্যমিক চৃড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি উল্লেখ আছে। লগতে উচ্চতৰ মাধ্যমিক চৃড়ান্ত পৰীক্ষাত চাৰিটা বিষয়ত সৰ্বাধিক নম্বৰ দিয়া হৈছে।

এই সন্দৰ্ভত কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা বিবৃত্তি দিয়া হৈছে যে কাৰোবাৰ ধেমালিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ তদন্ত কৰা হ’ব।

 

আনহাতে ছানী লিঅ’নিয়ে এই সন্দৰ্ভত টুইট কৰি কয় যে সকলোকে কলেজত আগন্তুক ছেমিষ্টাৰত লগ পাম!! আশা কৰো সকলো মোৰ শ্ৰেণীকোঠাত থাকিব।

You might also like