নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমীক্ষাঃ ছেক্স চাটিঙেৰে ৬২ শতাংশ ভাৰতীয় মহিলাই পূৰণ কৰে যৌন আকাংক্ষা

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   কৰ্মব্যস্ত স্বামী। কিন্তু পত্নী আকুল স্বামীৰ পৰা অলপ সময় আৰু এধানি মৰম বিচাৰি। বৈবাহিক জীৱনত বিচৰা সুখ নাপাই বহু মহিলাই এতিয়া আশ্ৰয় লৈছে স্মাৰ্টফোনৰ। ফোনৰ জৰিয়তে তেওঁলোকে বিচাৰি লৈছে অপৰিপূৰ্ণ আশা-আকাংক্ষাবোৰক পূৰ্ণতা দিয়াৰ উপায়। শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ৬২ শতাংশ মহিলাই আন পুৰুষৰ লগত ফোনত অন্তৰংগ আলাপেৰে যৌন আকাংক্ষা পূৰণ কৰে।

‘Mobile sex-tech apps’ নামৰ সংস্থাটোৱে সমীক্ষা কৰোঁতে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। সংস্থাটোৱে ১৯১ খন দেশৰ প্ৰায় ১১ লাখ মহিলাৰ ওপৰত সমীক্ষা চলাইছিল। ইয়াৰ ভিতৰত ২৩,০৯৩ গৰাকী মহিলা আছিল ভাৰতীয়। ইয়াৰে ৮২% মহিলাই গোটেই দিন ধৰি যৌনগন্ধী বাৰ্তালাপত ব্যস্ত থাকে। এক কথাত কবলৈ গলে সেই মহিলাই বন্ধুৰ সৈতে শাৰীৰিৰ সম্বন্ধও স্থাপন কৰে। সেইসকলে নিজৰ অন্তৰংগ সময়ৰ ফটো, তথা ভিডিঅও আদান প্ৰদান কৰে।

সমীক্ষাটোৰ মতে উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপৰ বহু মহিলাই বন্ধুৰ সৈতে ফোনত অন্তৰংগ আলাপেৰে যৌন আকাংক্ষা পূৰণ কৰে। আনহাতে ১৯ শতাংশ মহিলাই এপৰ যোগেদি অচিনাকি পুৰুষৰ সৈতে সম্বন্ধ কৰিবলৈ আগ্ৰহী। অৱশ্যে ভাৰতীয় মহিলাই অনলাইন যৌন ক্ষুধা পূৰণ কৰে যদিও এপৰ যোগেদি পৰপুৰুষৰ লগত যৌন সম্বন্ধ কৰাত আগ্ৰহী নহয়।

এতিয়া প্ৰশ্ন হৈছে কিয় এনেধৰণৰ প্ৰৱণতা বৃদ্ধি হৈছে। বহুলোকে কব খোজে যে ব্যস্ত জীৱেনই ইয়াৰ বাবে দায়ী বুলি কব পাৰি। কাৰণ ব্যস্ততাৰ কাৰণে যৌন জীৱনৰ প্ৰতি আসক্তি কমি অহা দেখা গৈছে পুৰুষৰ। আনহাতে একাংশ লোকে কব খোজে যে যৌন সম্বন্ধ শাৰীৰিক খেলৰ লগতে মানসিক সন্তুষ্টিৰ কাৰণে বহু জৰুৰী। আন একাংশৰ দাবী আকৌ যে পৰপুৰুষৰ সৈতে যৌন সম্বন্ধ মহিলাসকলৰ বাবে কেৱল এক ধেমালীসূচক সম্পৰ্কহে।

You might also like