নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুষলধাৰ বৃষ্টিপাতৰ পিছতে পুনৰ বানত বুৰিল মায়ানগৰী মুম্বাই

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  মুষলধাৰ বৰষুণে পুনৰ প্লাবিত কৰিছে মায়ানগৰী মুম্বাই আৰু ইয়াৰ উপকণ্ঠীয় বিভিন্ন অঞ্চল৷ কালি সন্ধিয়াৰ পৰা মহাৰাষ্ট্রৰ ৰাজধানী চহৰখনত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈ পৰে৷ বিশেষকৈ দক্ষিণ মুম্বাইত প্রবল বৃষ্টিপাতৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিছে৷ সেইদৰে পশ্চিম আৰু উত্তৰ প্রান্তৰ পার্শ্বৱর্তী অঞ্চলবোৰতো আজি স্তব্ধ হৈ পৰে স্বাভাৱিক জীৱনযাত্রা৷ আন্ধেৰী, যোগেশ্বৰী, গোৰেগাঁও, মালাড, বৰিভালি আদি অঞ্চলত কালি পুৱাৰ পৰা ৭০ মিলিমিটাৰ পর্যন্ত বৃষ্টিপাত হৈছে৷ এই বাতৰি যুগুতোৱাৰ সময়ত মুম্বাইৰ বিভিন্ন স্থানত অব্যাহত আছে বৃষ্টিপাত৷ স্মর্তব্য যে বিভিন্ন স্থানত পানী জমা হোৱাৰ বাবে কেবাখনো ৰে’লৰ সেৱা বাতিল কৰিছে ৰে’ল বিভাগে৷ ইফালে মহাৰাষ্ট্রৰ ৰাজধানী চহৰখনত প্রায়বোৰ পথত যানবাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ ভিলে পার্লে, ৰাম মন্দিৰ আদি অঞ্চলত যানবাহনৰ চলাচল অব্যাহত আছে যদিও তীব্র যানজঁটৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে চলিত বর্ষটোৰ ভিতৰত মহাৰাষ্ট্রৰ ৰাজধানী চহৰখনত এয়া চতুর্থটো ভয়ংকৰ বান৷ ইফালে বুধবাৰে বানৰ বাবেই বোম্বাই উচ্চ ন্যায়ালয় আৰু বিএমচি পৌৰ কার্যালয় বন্ধ ঘোষণা কৰা হৈছে৷

You might also like