নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীলৈ সন্মানীয় আইজি ন’বেল বঁটা

চিকিৎসা শিক্ষালৈ অভূতপূর্ব বৰঙণি

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আন এক আন্তঃৰাষ্ট্রীয় সন্মানেৰে বিভূষিত হ’ল৷ চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা আগবঢ়োৱা হৈছে প্রধানমন্ত্রী মোদীলৈ৷ দেশৰ মুৰব্বী হিচাপে প্রধানমন্ত্রী মোদী হৈছে এই বঁটা লাভ কৰা দ্বিতীয়গৰাকী প্রধানমন্ত্রী৷

ইয়াৰ পূর্বে ১৯৯৮ চনত শান্তিৰ বাবে আইজি ন’বেল বঁটা আগবঢ়োৱা হৈছিল অটল বিহাৰী বাজপেয়ীলৈ৷ চিকিৎসা–শিক্ষাত নৰেন্দ্র মোদীলৈ এই বঁটা আগবঢ়োৱাৰ সমান্তৰালকৈ ব্রাজিল, মেস্কিকো, গ্রেট ব্রিটেইন, বেলাৰুছ, তুৰস্ক, ৰাছিয়া, আমেৰিকা আৰু তুর্কমেনিষ্টানৰ মুৰব্বীলৈও বঁটা আগবঢ়োৱা হৈছে৷

মহামাৰী ক’ভিড–১৯ক লৈ বিশ্বত সজাগতা প্রচাৰ কৰাৰ লগতে এই মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ স্বীকৃতি হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে বাকী দেশকেইখনৰ মুৰব্বীকো এই বঁটা আগবঢ়োৱা হৈছে৷

উল্লেখ্য যে ১৯৯১ চনত প্রথমবাৰৰ বাবে আনালছ অৱ ইনপ্রবেবল ৰিছার্চ নামৰ মেগাজিন এখনে আই জি ন’বেল বঁটা আগবঢ়াইছিল৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে এই বঁটা অনলাইনযোগে আগবঢ়োৱা হৈছে৷

You might also like