নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুমণ্ডলত নভোচৰে লাভ কৰে অনন্য অভিজ্ঞতা

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ মহাকাশৰ পৰা উভতি অহা মার্কিন গৱেষণা সংস্থা নাছাৰ দুই নভোচৰে যাত্রাকালত লাভ কৰা অভিজ্ঞতাৰ কথা বর্ণনা কৰি কৈছে যে ১৭,৫০০ মাইল বেগেৰে যানখনে বায়ুমণ্ডলত প্রৱেশ কৰাৰ সময়ত তেওঁলোকৰ নিজকে অতি ক্ষুদ্রকায় অর্ধমৃত জন্তু যেন অনুভৱ হৈছিল৷ উল্লেখনীয় যে দেওবাৰে মহাকাশ গৱেষণা সংস্থা নাছাৰ দুই নভোচৰ পৃথিৱীলৈ সুকলমে উভতি আহিছে৷ আজি টেক্সাছৰ হুষ্টনত অনুষ্ঠিত এক ভার্চুৱেল প্রেছ কনফাৰেঞ্চত মিছন কমাণ্ডাৰ বক বেনখেনে উল্লেখ কৰিছে যে বায়ুমণ্ডলত মহাকাশ যান এণ্ডিউভাৰে প্রৱেশ কৰাৰ সময়তে প্রথমবাৰলৈ যানখনৰ শব্দ তেওঁলোকে শুনিবলৈ পাইছিল৷ আনকি হঠাতে অন্য এক জগতত প্রৱেশ কৰাৰ দৰে অনুভৱ হৈছিল দুয়োগৰাকী নভোচৰৰ৷ স্মর্তব্য যে ৫০ বছৰীয়া বেনকেন আৰু তেওঁৰ সহযোগী ৫৩ বছৰীয়া ড’গ হার্লিয়ে দেওবাৰে আন্তর্জাতিক মহাকাশ আস্থানত ৬ মাহ অতিবাহিত কৰি পৃথিৱীত আহি উপস্থিত হোৱাৰ পাছতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় নাছাত৷

You might also like