নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰলৈ কৰ বিভাগৰ জাননী

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  নির্বাচন আয়োগত দাখিল কৰা শপতনামাক লৈ এন চি পিৰ মুৰব্বী তথা ৰাজ্যসভাৰ সাংসদ শাৰদ পাৱাৰলৈ জাননী জাৰি কৰিছে কৰ বিভাগে৷ কালি কৰ বিভাগৰ পৰা জাননী লাভ কৰা বুলি এন চি পিৰ মুৰব্বীগৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰি কয় যে নির্বাচন আয়োগত দাখিল কৰা শপতনামাক লৈ তেওঁৰ পৰা কৰ বিভাগে স্পষ্টীকৰণ আৰু বিতং ব্যাখ্যা বিচাৰি জাননী দিছে৷ উল্লেখ্য যে কৰ বিভাগৰ জাননী পাৱাৰৰ উপৰি তেওঁৰ কন্যা লোকসভাৰ সাংসদ সুপ্রিয়া ছুলে, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰে আৰু পৰিৱেশমন্ত্রী আদিত্য থাক্ৰেও একেই জাননী লাভ কৰিছে৷ পাৱাৰে এই জাননীৰ উত্তৰ শীঘ্রেই দিব বুলিও প্রকাশ কৰিছে৷

You might also like