নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত সিঙক মানসিক ৰোগী সজোৱাৰ চেষ্টা প্রেয়সী ৰিয়াৰ

ফ্রান্সিছকো গয়াৰ পেইণ্টিং দেখি অদ্ভুত আচৰণ কৰিছিল ৰাজপুতে

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ গোচৰৰ সৈতে সাঙোৰ খাই পৰিছে এখন বিশ্ববিখ্যাত পেইণ্টিং৷ স্পেনিছ চিত্রশিল্পী ফ্রান্সিছকো গয়াই ১৮১৯–২৩ চনতে অংকন কৰা এই পেইণ্টিং চর্চালৈ আহিছে অভিনেতাজনৰ প্রেমিকা ৰিয়া চক্রৱর্তীয়ে আৰক্ষীক দিয়া এক ভাষ্যৰ পৰিপ্রেক্ষিততে৷ ৰিয়াৰ দাবী– ইটালীৰ ছশ বছৰ পুৰণি এখন হোটেলত থকাৰ সময়ত এই বিখ্যাত পেইণ্টিংখন দেখাৰ পাছৰে পৰা সুশান্তই অদ্ভুত আচৰণ কৰিছিল৷ যোৱা বছৰৰ অক্টোবৰত ৰিয়াৰ সৈতে ইউৰোপলৈ অৱসৰ বিনোদনৰ বাবে গৈছিল সুশান্ত৷ এই ঐতিহ্য বিজড়িত হোটেলখন তেওঁলোকে বাছি লৈছিল ইটালীত থকাৰ সময়ত৷ উক্ত হোটেলতে গয়াৰ ‘ছেটার্ন ডেভ’ৰিং হিজ অউন ছন’ নামৰ পেইণ্টিংখন সজাই থোৱা আছিল৷ পেইণ্টিংখনলৈ অবাক হৈ চাই ৰৈছিল সুশান্তে৷ ৰিয়াৰ দাবী– ইয়াৰ পাছতে সুশান্তই যিধৰণৰ আচৰণ কৰিবলৈ লৈছিল, তাক মতিভ্রম বা হেলুচিনেচন বুলিয়ে ক’ব পাৰি৷ হোটেলৰ কোঠাত আনকি তেওঁ ৰুদ্রাক্ষৰ লৈ জপ কৰাও দেখিছিল ৰিয়াই৷ আৰক্ষীক এই ভাষ্য প্রদান কৰি ৰিয়াই নিজৰ বিবৃতিত কয়– ‘সুশান্তৰ মানসিক অৱস্থা দেখি মই ভীতিগ্রস্ত হৈ পৰিছিলোঁ৷’ গয়াৰ এই বিশ্ববিখ্যাত পেইণ্টিংখনৰ বিষয়ে বিশেষ জোৰ দি ৰিয়াই দিয়া ভাষ্য যথেষ্ট তাৎপর্যপূর্ণ৷ উল্লেখ্য যে সুশান্তক মৃত অৱস্থাত মুম্বাইৰ বান্দ্রাস্থিত নিজা ফ্লেটত উদ্ধাৰ কৰাৰ পাছতে এই কথা ব্যাপকভাৱে প্রচাৰ হৈছিল যে অভিনেতাজন কিছুদিনৰ পৰা মানসিক হতাশাত ভুগিছিল৷ আশ্চর্যজনকভাৱে কোনো ধৰণৰ বিশ্বাসযোগ্য তথ্য–প্রমাণ উদ্ঘাটন কৰাৰ পূর্বেই একাংশ সংবাদ মাধ্যমে হতাশাগ্রস্ততাই সুশান্তৰ আত্মহত্যাৰ কাৰণ বুলি ব্যাপক প্রচাৰ চলাইছিল৷ আনহাতে, ৰিয়ায়ো পাকে–প্রকাৰে এই ইংগিতেই দিয়াৰ চেষ্টা কৰি আহিছে৷ স্বাভাৱিকতে প্রশ্ণ উঠিছে– ৰিয়াই প্রকৃততে সুশান্তৰ সৈতে প্রেমৰ অভিনয়হে কৰিছিল নেকি? মৃত্যুৰ পাছত তেওঁ কিয় বাৰে বাৰে প্রেমিক সুশান্তক মানসিক ৰোগী সজাবলৈ চেষ্টা চলাইছে? প্রসংগক্রমে উল্লেখ্য যে শনি দেৱতাই ৰোমান উপাখ্যান মতে নিজৰেই পুত্রক জন্মৰ পাছতে ভক্ষণ কৰিছিল৷ তেওঁৰ ভয় হৈছিল– ডাঙৰ হৈ পুত্রই তেওঁক পৰাভূত কৰিব৷ ফ্রান্সিছকো গয়াৰ পেইণ্টিঙত পুত্র ভক্ষণৰ এনে এক ভয়াল দৃশ্যই অংকন কৰা হৈছিল৷
দ্বীপ–প্রাইভেট জেটৰ গৰাকী হোৱাৰ সপোন দেখিছিল ৰিয়াই
শেহতীয়াকৈ ভাইৰেল হৈ পৰা ৰিয়াৰ এটা পুৰণি ভিডি’ই ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ উক্ত ভিডি’ত ৰিয়াই নিজৰ ৰঙীন সপোনৰ কথা ব্যক্ত কৰিছে৷ ভিডিঅ’ সাক্ষাৎকাৰটোত তেওঁ উল্লেখ কৰিছিল যে তেওঁ এটা দ্বীপ জয় কৰিব খোজে, য’ত তেওঁ ইচ্ছা মতে থাকিব পাৰে৷ এখন প্রাইভেট জেটৰ গৰাকী হোৱাৰ সপোনৰ কথাও ভিডি’টোত তেওঁ ব্যক্ত কৰিছিল৷ তেওঁ লগতে কৈছিল– হোটেলত থাকি মই ভাল পাওঁ৷ মই এখন হোটেলো কিনিব খোজোঁ৷ ২৯ বছৰীয়া ৰিয়াৰ এই ভিডি’টোক লৈ ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে একাংশ লোক৷ ‘সুশান্তৰ টকাৰে কিনিব নেকি?’ –ভিডি’টোত বহুতে এনে মন্তব্য কৰিছে৷ ইপিনে আজি ৰিয়া চক্রৱর্তী আৰু সুশান্তৰ পিতৃয়ে উচ্চতম ন্যায়ালয়ত পাটনাৰ পৰা গোচৰ মুম্বাইলৈ স্থানান্তৰ সম্পর্কত নিজৰ বিবৃতি দাখিল কৰে৷ ৰিয়াই দোহাৰে যে উক্ত গোচৰৰ শুনানি পাটনাৰ সলনি মুম্বাইত হোৱাটো তেওঁ বিচাৰে৷ আনহাতে, সুশান্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক দিলে তেওঁৰ কোনো আপত্তি নাই বুলিও ৰিয়াই মন্তব্য কৰে৷

You might also like