নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰক সামৰি পাকিস্তানৰ বিতর্কিত মানচিত্র

সীমা অতিক্রমি ইমৰান খান কেবিনেটৰ স্পর্ধা

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ জম্মু আৰু কাশ্মীৰক অন্তর্ভুক্ত কৰি পাকিস্তানে প্রকাশ কৰা নতুন মানচিত্রক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ বর্ষপূর্তিৰ প্রাকক্ষণত মঙলবাৰে পাকিস্তান চৰকাৰে প্রকাশ কৰিছে এই বিতর্কিত মানচিত্র৷ য’ত জম্মু–কাশ্মীৰক পাকিস্তানৰ অবিচ্ছেদ্য অংগ হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ ইতিমধ্যে পাক কেবিনেটে এই বিতর্কিত মানচিত্রত অনুমোদন জনাইছে৷ এই অবৈধ মানচিত্রখনৰ জৰিয়তে পাকিস্তানে জম্মু–কাশ্মীৰ ভাৰতে অবৈধভাৱে দখল কৰি থকা বুলি দেখুওৱা হৈছে৷ পাক কেবিনেটৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি প্রধানমন্ত্রী ইমৰান খানে জম্মু–কাশ্মীৰক অন্তর্ভুক্তি কৰি মানচিত্র প্রকাশ কৰা কার্যক ঐতিহাসিক আখ্যা দিছে৷ এই নতুন মানচিত্র ৰাষ্ট্রসংঘৰ মজিয়াত দাখিল কৰিবলৈ যো–জা চলাইছে পাকিস্তানে৷ যাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া–বিতর্ক৷ ভাৰতৰ বৈদেশিক পৰিক্রমা মন্ত্রালয়ে এই মানচিত্র সন্দর্ভত বর্তমানলৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ কিন্তু সচেতন মহলে জম্মু–কাশ্মীৰক অবৈধভাৱে পাকিস্তানৰ অংশ বুলি দাবী কৰি প্রকাশ কৰা এই মানচিত্রক উচটনিমূলক কাম বুলি অভিহিত কৰিছে৷ ইয়াৰ জৰিয়তে পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপক উদগনি যোগাবৰ চেষ্টা কৰিছে বুলি একাংশই মত প্রকাশ কৰিছে৷ মানচিত্রখন প্রকাশৰ পাছত সংবাদ মাধ্যমৰ আগত পাক প্রধানমন্ত্রী ইমৰান খানে কৰা মন্তব্যও যথেষ্ট তাৎপর্যপূর্ণ৷ তেওঁ কয় যে পাঁচ আগষ্টত ভাৰত চৰকাৰে কৰা অবৈধ কার্যৰ বিৰুদ্ধে এই মানচিত্র প্রকাশৰ জৰিয়তে বিৰোধিতা কৰা হৈছে৷ অর্থাৎ জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰি লাডাখক সুকীয়া ৰাজ্য হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰি লোৱা ঐতিহাসিক সিদ্ধান্তক লৈ এতিয়াও পাকিস্তান যে হতাশ, সেয়া আজিৰ বিতর্কিত মানচিত্রই উদঙাই দিছে৷ পৰৱর্তী সময়ত ভাৰত চৰকাৰৰ প্রতিক্রিয়া লক্ষণীয় হ’ব৷ স্মর্তব্য যে কিছুদিন পূর্বে ভাৰতৰ কালপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নিজ ভূখণ্ডৰ অধীনস্থ বুলি নতুন মানচিত্রত অনুমোদন জনাই হিমালয়ান ৰাষ্ট্র নেপালে প্রতিৱেশী দেশখনৰ সৈতে থকা সম্পর্কৰ অৱনতি ঘটাইছে৷ লাডাখত চীনে ভাৰতীয় ভূমি দখলৰ বাবে অহৰহ চলাই আহিছে ষড়যন্ত্র৷ শেহতীয়াকৈ পাকিস্তানে গ্রহণ কৰা ভাৰতবিৰোধী নীতিয়ে পৰিস্থিতি জটিল কৰি তোলাৰ আশংকা কঢ়িয়াইছে৷ উল্লেখ্য যে ৰাষ্ট্রসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি টি এছ তিৰুমূর্তিয়ে পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে পাকিস্তান সন্ত্রাসবাদীৰ স্নায়ুকেন্দ্র বুলি অভিহিত কৰিছে৷ তিৰুমূর্তিয়ে কয়– ‘পাকিস্তান সন্ত্রাসবাদৰ স্নায়ুকেন্দ্র বুলি সকলোৱে জানে৷ জামাদ–উদ–দাৱা, লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদ আৰু হিজবুল মুজাহিদীনৰ দৰে কুখ্যাত সন্ত্রাসবাদী সংগঠন পাকিস্তানত জন্ম হৈছে৷ পাকিস্তানৰ প্রধানমন্ত্রীয়ে দেশখনত ৪০ হাজাৰ সন্ত্রাসবাদী এতিয়া সক্রিয় হৈ আছে বুলি নিজেই স্বীকাৰ কৰিছে৷’

You might also like