নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাজমা দান কৰিব মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ চৌহানে

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ  ক’ভিড–১৯ সংক্রমণৰ পৰা আৰোগ্য লাভ কৰা মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে কালি উল্লেখ কৰিছে যে ক’ভিড ৰোগীৰ পৰীক্ষাৰ বাবে তেওঁ প্লাজমা দান কৰিব৷ যোৱা ২৫ জুলাইত ক’ৰোনা ভাইৰাছ পৰীক্ষাত পজিটিভ ওলাইছিল চৌহান৷ তাৎক্ষণিকভাৱে মধ্য প্রদেশৰ মুখ্যমন্ত্রীগৰাকীক হাস্পতালত চিকিৎসা প্রদান কৰা হৈছিল৷ ১১ দিন হাস্পতালত চিকিৎসা গ্রহণ কৰাৰ পাছত ৫ আগষ্টত সুস্থ হৈ ঘৰলৈ ওভতে মুখ্যমন্ত্রী চৌহান৷ উল্লেখনীয় যে মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত এতিয়া অন্য ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷ চৰকাৰৰ এক বিবৃতিত সদৰী হৈছে এই তথ্য৷ মুখ্যমন্ত্রীগৰাকীয়ে ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে আজি ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনাও কৰিছে৷ হাস্পতালৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত আইছ’লেচনতে আছে মুখ্যমন্ত্রী চৌহান৷ শেহতীয়াকৈ কর্ণাটকৰ মুখ্যমন্ত্রী য়েডিয়ুৰাপ্পাও ক’ভিড সংক্রমণৰ পৰা আৰোগ্য হৈছে৷

You might also like