নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীয়ে মুকলি কৰিলে ‘মৎস্য সম্পদ যোজনা’

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ গাঁওবোৰ হ’ব লাগিব আত্মনির্ভৰ ভাৰতৰ অন্যতম স্তম্ভ৷ এই উদ্দেশ্য আগত ৰাখিয়েই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰিছে ‘মৎস্য সম্পদ যোজনা’৷

গ্রামাঞ্চলৰ মীনপালকসকলক উপকৃত কৰিবলৈ এই যোজনা আৰম্ভ কৰিছে চৰকাৰে৷ ইয়াৰ উপৰি প্রধানমন্ত্রীগৰাকীয়্ কৃষকসকলৰ বাবে ই–গোপাল এপ মুকলি কৰিছে৷ মীনপালকসকলৰ উপৰি বিহাৰৰ পশু পালন খণ্ডত আত্মনির্ভৰশীলতাক গুৰুত্ব প্রদান কৰিয়েই এই নতুন এপ মুকলি কৰিছে চৰকাৰে৷

 এই মৎস্য সম্পদ যোজনা আৰু ই–গোপাল এপ মুকলি কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে গাঁওসমূহ আত্মনির্ভৰ ভাৰতৰ মূল স্তম্ভ হ’ব লাগিব৷ মৎস্য সম্পদ যোজনাৰ জৰিয়তে গ্রামাঞ্চলসমূহৰ সমৃদ্ধি সম্ভৱ হ’ব বুলিও মোদীয়ে উল্লেখ কৰে৷ আগন্তুক তিনি–চাৰি বছৰৰ ভিতৰত মৎস্য সম্পদ যোজনাৰ জৰিয়তে মীনপালন খণ্ডত উৎপাদন দুগুণ কৰি তোলাৰ লক্ষ্য লৈছে কেন্দ্রীয় চৰকাৰে৷

প্রধানমন্ত্রী মোদীৰ মতে এই আঁচনিয়ে গ্রামাঞ্চলৰ বৃহৎসংখ্যক লোকক উপকৃত কৰিব৷ মীনপালন আৰু পশুপালনে গাঁওসমূহলৈ কঢ়িয়াই আনিব নতুন আশা৷ দেশৰ ২১খন ৰাজ্যক মৎস্য সম্পদ যোজনাৰ জৰিয়তে সামৰি লোৱা হ’ব৷ আগন্তুক চাৰি–পাঁচ বছৰৰ ভিতৰত এই যোজনাত খৰচ কৰা হ’ব ২০ হাজাৰ কোটি টকা৷

You might also like