নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ কোটি টকাৰ অবৈধ সম্পত্তিৰ গৰাকী আৰক্ষী বিষয়াক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ তেলেংগানাৰ এগৰাকী অতিৰিক্ত আৰক্ষী আয়ুক্তক ৰাজ্যখনৰ দুর্নীতিবিৰোধী ব্যুৰ’ৰ বিষয়ববীয়াই গ্রেপ্তাৰ কৰিছে৷ হায়দৰাবাদত আৰক্ষী বিষয়াগৰাকীৰ বাসভৱনত তালাচী চলোৱাৰ সময়ত দুর্নীতিবিৰোধী ব্যুৰ’ৰ বিষয়ববীয়াই ৭০ কোটি টকাৰ সম্পত্তি আয়ৰ উৎস অবিহনে মজুত কৰিবলৈ বিষয়াগৰাকীয়ে সক্ষম হৈছিল বুলি অভিযোগ কৰিছে৷

উল্লেখনীয় যে দুর্নীতিবিৰোধী ব্যুৰ’ৱে য়েলামাকুৰি নৰসিংহ ৰেড্ডী নামৰ অতিৰিক্ত আৰক্ষী আয়ুক্তগৰাকীয়ে অনন্তপুৰত ৫৫ একৰ ভূমি ক্রয় কৰা বুলি অভিযোগ কৰিছে৷ ইয়াৰ উপৰি হায়দৰাবাদৰ চাৰিটাকৈ স্থানত ভূমি ক্রয় কৰিছে ৰেড্ডীয়ে৷ আয়ৰ সৈতে সামঞ্জস্যহীন এই সম্পত্তি ভয়ংকৰ কেলেংকাৰিৰ জৰিয়তে ৰেড্ডীয়ে নিজৰ নামত কৰিবলৈ সক্ষম হোৱা বুলি দুর্নীতিবিৰোধী বিভাগ ব্যুৰ’ৱে তথ্য লাভ কৰাৰ পিছত ৰেড্ডীক গ্রেপ্তাৰ কৰিছে৷

 আৰক্ষী বিষয়াগৰাকীক এক বিশেষ আদালতত হাজিৰো কৰোৱায় দুর্নীতিবিৰোধী ব্যুৰ’ৱে৷ আদালতখনে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰেড্ডীক৷

You might also like