নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ বছৰ পূৰ্বে দুৰ্ঘটনাত মগজুত আঘাত পাইছিল প্ৰণৱ মুখাৰ্জীয়ে…

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: মগজুৰ অস্ত্রোপচাৰৰ পাছত সেনাৰ ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালৰ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ থকা দেশৰ প্রাক্তন ৰাষ্ট্রপতি ভাৰতৰত্ন প্রণৱ মুখার্জীৰ স্বাস্থ্যৰ উন্নতি ঘটা নাই৷ হাস্পতালখনৰ তৰফৰ পৰা প্রকাশ কৰা এক বিবৃতি অনুসৰি মুখার্জী ভেণ্টিলেটৰত সংকটজনক অৱস্থাতে আছে৷

ইয়াৰ মাজতে ১৩ বছৰ পূৰ্বে মুখাৰ্জীয়ে এক কাৰ দুৰ্ঘটনাত মগজুত আঘাত পোৱাৰ এক খবৰ প্ৰকাশ কৰিছে তেওঁক পূৰ্বে চিকিৎসা কৰা এজন চিকিৎসকে । এখন ব্যক্তিগত নাৰ্চিং হোমৰ চিকিৎসক ডাঃ বাসুদেৱ মণ্ডলে জনায় যে ২০০৭ চনৰ ৭ এপ্ৰিলৰ নিশা প্ৰণৱ মুখাৰ্জীয়ে মুৰ্থিদাবাদ জিলাৰ পৰা কলকাতালৈ উলতি অহাৰ সময়তে তেওঁৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

সংবাদ সংস্থা পিটিআইৰ মতে, সেই সময়ত প্ৰণৱ মুখাৰ্জী বিদেশ মন্ত্ৰী আছিল । তেতিয়া এখন ট্ৰাকে তেওঁৰ বাহনত খুন্দা মাৰিছিল ।

You might also like