নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাত গৃহীত ৩ শ্রম কোড বিধেয়ক

সংসদৰ বাহিৰত বিৰোধীৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ   বিৰোধী দলৰ সাংসদসকলৰ সংসদ বর্জনৰ মাজতে বুধবাৰে ৰাজ্যসভাত তিনিখন শ্রম কোড বিধেয়ক গৃহীত কৰা হৈছে৷ স্মর্তব্য যে মোদী চৰকাৰে শ্রম সংস্কাৰৰ যি লক্ষ্য লৈ চাৰিখনকৈ বিধেয়ক প্রস্তুত কৰিছিল তাৰ তিনিখনেই বুধবাৰে বিৰোধী সাংসদসকলে বাহিৰত প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত ৰাজ্যসভাত গৃহীত কৰা হৈছে৷ স্মর্তব্য যে কালিৰে পৰা সংসদৰ উভয় সদন বর্জন কৰিছে বিৰোধী সাংসদসকলে৷ ইতিমধ্যে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুলৈ বিতর্কিত এই বিধেয়কবোৰ একপক্ষীয়ভাৱে গৃহীত নকৰিবলৈ পত্র লিখিছে বিৰোধী দলৰ সাংসদসকলে৷ চৰকাৰে দেশৰ সংসদৰ উচ্চ সদনত একপক্ষীয়ভাৱে বিতর্কিত এই বিধেয়কবোৰ গৃহীত কৰিলে সেয়া গণতন্ত্রৰ ওপৰত এক কুঠাৰাঘাত হ’ব বুলিও অভিযোগ কৰিছে বিৰোধী সাংসদসকলে৷ স্মর্তব্য যে ইতিমধ্যে ৰাজ্যসভাৰ উপাধ্যক্ষৰ সৈতে বিৰোধী দলৰ সাংসদসকলৰ মাজত চলি থকা বিবাদ তুংগত উঠিছে৷ বিতর্কিত দুখনকৈ কৃষি বিধেয়ক দেওবাৰে ৰাজ্যসভাত মৌখিক ভোটত গৃহীত কৰা বিষয়টোক লৈ উপাধ্যক্ষৰ সৈতে বিৰোধী দলৰ মতানৈক্যৰ সৃষ্টি হৈছিল৷ এতিয়া সেই মতানৈক্যই উত্তাল কৰিছে দেশৰ ৰাজনীতি৷ আজি ৰাজ্যসভাত গৃহীত এই তিনি শ্রম কোড বিধেয়ক হৈছে অকুপেশ্যনেল ছেফটী, হেল্থ এণ্ড ৱর্কিং কণ্ডিচন কোড, ২০২০, ইণ্ডাষ্ট্রিয়েল ৰিলেছন কোড, ২০২০ আৰু কোড অন ছ’চিয়েল ছিকিউৰিটী, ২০২০৷ ইতিমধ্যেই লোকসভাত গৃহীত হৈছিল এই তিনি বিধেয়ক৷ এতিয়া মাথো ৰাষ্ট্রপতিৰ স্বাক্ষৰ পাবলৈহে বাকী আছে বিধেয়ক তিনিখনত৷

You might also like