নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি পূজনৰ পিছদিনা ৰাম জনমভূমিত ভক্তৰ ভিৰ–বন্তি প্রজ্বলন

উৎসৱমুখৰ অযোধ্যা নগৰীত প্রাপ্তিৰ আনন্দ

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ বহু প্রতীক্ষিত ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে বুধবাৰে ৰাম জনমভূমিৰ অনুষ্ঠানলৈ যোৱাৰ অনুমতি নাছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভূমি পূজন আৰু শিলান্যাস কৰাৰ এদিন পাছতো  ৰাম জনমভূমিত ভিৰ কৰে ভক্তই৷ ৰামলালাত অর্চনাৰ বাবে পুৱাৰে পৰা ৰাম জনমভূমিৰ বাহিৰত শাৰী পাতে ভক্তসকলে৷ অযোধ্যাবাসীৰ লগতে ভিন্ন প্রান্তৰ পৰা ভক্তসকলে আহি পুৱাই উপস্থিত হয় ৰাম জনমভূমিত৷ সকলোৰে মুখমণ্ডলক জিলিকি উঠে প্রাপ্তিৰ আনন্দ৷ আজিও পুষ্পসজ্জিত অযোধ্যা চহৰত পৰিলক্ষিত হয় উলহ–মালহ৷ স্মর্তব্য যে সন্ধিয়াৰ ভাগত চাকি–বন্তিৰ পোহৰত চহৰখন আলোকোজ্জ্বল হৈ পৰে৷ ইপিনে, অযোধ্যাৰ উপকণ্ঠ ফৈজাবাদত পৰিলক্ষিত হয় দৈনন্দিন স্বাভাৱিক ব্যস্ততাৰ পৰিৱেশ৷ ফৈজাবাদৰ পৰা অযোধ্যালৈ সমগ্র পথছোৱা আজি ফুল আৰু হালধীয়া–গেৰুৱা পতাকাৰে সজাই তোলা হয়৷ দেশৰ অন্যান্য প্রান্ততো ৰাম মন্দিৰৰ ভূমি পূজনৰ এদিন পাছতো উদ্যাপনৰ পৰিৱেশ অব্যাহত আছে৷ একপ্রকাৰ ৰাম লহৰ পৰিলক্ষিত হয় দেশত৷
বিদেশতো ভূমি পূজনক লৈ উছাহ
বুধবাৰে ৰাম মন্দিৰৰ ভূমি পূজনক লৈ বিদেশতো প্রবল উছাহ পৰিলক্ষিত হয়৷ অযোধ্যাত প্রধানমন্ত্রী মোদীয়ে মন্দিৰৰ শিলান্যাস কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ প্রত্যক্ষ কৰে বিশ্বৰ বিভিন্ন দেশৰ দর্শকে৷ ভাৰতৰ উপৰি ব্রিটেইন, আমেৰিকা, কানাডা, অষ্ট্রেলিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, নেপাল আদি দেশত অনুষ্ঠানটোৰ পোনপটীয়া সম্প্রচাৰ কৰা হয়৷ বিদেশত সর্বাধিক দর্শকে পোনপটীয়া সম্প্রচাৰ প্রত্যক্ষ কৰে ব্রিটেইন আৰু আমেৰিকাত৷

You might also like