নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইনঃকাটি দিয়া হ’ব ধৰ্ষণকাৰীৰ যৌনাংগ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ দেশখনৰ জনতাৰ দাবী, ধৰ্ষণকাৰীক কঠোৰ শাস্তি দিব লাগে যাতে দ্বিতীয় জনে ধৰ্ষণ কৰাৰ আগতে ভাবিবলৈ বাধ্য হয়। দেশখনৰ জনতাৰ দাবী মানি ধৰ্ষণকাৰীৰক কঠোৰ শাস্তি বিহাৰ পোষকতা কৰিছে দেশখনৰ প্ৰশাসনে। দেশখন হৈছে নাইজেৰিয়া।

নাইজেৰিয়াত ঘোষণা কৰা হৈছে যে দেশখনত ধৰ্ষণকাৰীক অস্ত্ৰোপচাৰৰ যোগেদি যৌনাংগ কাটি দিব চৰকাৰে। আনহাতে শিশু ধৰ্ষণকাৰীক বিহা হ’ব মৃত্যুদণ্ড। দেশখনত ধৰ্ষণৰ সংখ্যা ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে। যাৰ বাবে ৰাইজ বিতুষ্টু হৈছে চৰকাৰ খনৰ ওপৰত। যাৰ পৰিপেক্ষিতত কঠোৰ হৈছে নাইজেৰিয়াৰ চৰকাৰ তথা প্ৰশাসন। উল্লেখ্য যে দেশখনত লকডাউনৰ সময়ত বহু মহিলা ধৰ্ষিতা হৈছে।

You might also like