নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্ৰথম ক’ৰোনাৰ প্ৰতিষেধক গ্ৰহণ কৰিলে পুটিনৰ জীয়াৰীয়ে

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ বিশ্বত ক’ৰোনাই ত্ৰাস চলাই অহাৰ মাজতে ৰাছিয়াৰ পৰা এক ভাল খবৰ আহিছে।
ক’ৰোনা ভেকচিন ৰাছিয়াই নিৰ্মাণৰ কৰাৰ দাবী কৰিছে। ৰাছিয়াৰ দাবী যে দেশখনে ক’ৰোনাৰ ভেকচিন প্ৰস্তুত কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ জীয়াৰীৰে ক’ৰোনা প্ৰতিষেধক গ্ৰহণ কৰিছে । বিশ্বৰ প্ৰথমটো ভেকচিনক ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে মঞ্জুৰি প্ৰদান কৰিছে।

এই খবৰ ৰাছিয়াৰ সংবাদ মাধ্যৰ । Gamaleya Institute য়ে ভেকচিনটো প্ৰস্তুত কৰিছে। মঙলবাৰে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে Gam-Covid-Vac Lyo ক’ৰোনাৰ ভেকচিনক সফল বুলি কৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে উল্লেখ কৰে অতি শীঘ্ৰে দেশখনে ক’ৰোনাৰ ভেকচিন নিৰ্মাণ কৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ জীয়াৰী ক’ৰোনাত সংক্ৰমিত হৈছিল আৰু ক’ৰোনাৰ ভেকচিন দিয়া হৈছিল। ভেকচিন দিয়াৰ পিছত তাইৰ শৰীৰৰ উত্তাপ বৃদ্ধি হৈছিল যদিও তাই এতিয়া সুস্থ। ৰাছিয়াত প্ৰথমে ভেকচিন স্বাস্থ্য কৰ্মী, অধ্যাপক সকলক দিয়া হ’ব।

You might also like