নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তা পৰিষদত চাপ বৃদ্ধি কৰাৰ সিদ্ধান্ত ভাৰতৰ

২০২১ৰ জানুৱাৰীৰ পৰা পুনৰ অস্থায়ী সদস্যৰ দায়িত্ব

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ পুনৰ অস্থায়ী সদস্য হিচাপে নির্বাচিত ভাৰতে ২০২১ৰ জানুৱাৰীত দায়িত্ব গ্রহণ কৰিব৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য হিচাপেই ভাৰতে দেশখনৰ কূটনৈতিক চাপ অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এইক্ষেত্রত অতিৰিক্তভাৱে এগৰাকী উপ–স্থায়ী প্রতিনিধি আৰু আইনী পৰামর্শদাতা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয় পর্যালোচনাৰ ক্ষেত্রত দায়িত্ব প্রদান কৰিব নতুন দিল্লী প্রশাসনে৷ বিদেশ মন্ত্রী এছ জয়শংকৰে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ কাম–কাজ সন্দর্ভত প্রতিমাহে পর্যালোচনা চলাব৷ কেন্দ্রীয় চৰকাৰৰ এক তথ্য অনুসৰি ১৯৯৯ বেটছৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়া আৰ ৰবিন্দ্রনক উপ–স্থায়ী সদস্য হিচাপে নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ ভাৰতীয় মিছনত নিযুক্তি দিয়া হ’ব৷ বর্তমান মধ্য আৰু পশ্চিম আফ্রিকাৰ ক্ষেত্রত যুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰি আছে আৰ ৰবিন্দ্রনে৷ ২০০৭ বেটছৰ বিদেশ সেৱাৰ বিষয়া প্রতীক মাছুৰক ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ আইনী পৰামর্শদাতা বা কাউন্সিলৰ হিচাপে নিযুক্তি দিয়া হ’ব৷ স্মর্তব্য যে ৰবিন্দ্রনে বর্তমানৰ কেন্দ্রীয় অসামৰিক উৰণ মন্ত্রী হৰদীপ সিং পুৰীৰ অধীনত ৰাষ্ট্রসংঘৰ স্থায়ী প্রতিনিধিৰ দায়িত্ব পালন কৰিছিল৷ ২০১১–১২ত নিৰাপত্তা পৰিষদত ভাৰত অস্থায়ী সদস্য থকা সময়ত এই দায়িত্ব পালন কৰিছিল ৰবিন্দ্রনে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে নিৰাপত্তা পৰিষদত ভাৰতৰ উদ্দেশ্য সন্মান, সংবাদ, সহযোগ, শান্তি আৰু সমৃদ্ধি হ’ব বুলি ঘোষণা কৰিছে৷ ২০২১ৰ পৰা নিৰাপত্তা পৰিষদত এই বিষয়কেইটাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিব নতুন দিল্লী প্রশাসনে৷

You might also like