নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়াৰ পিতৃ আৰু ‘ছুগাৰ ডেডী’ মহেশ ভাটে ৰচিছিল সুশান্ত হত্যাৰ চক্ৰান্তঃ ব্যায়াম প্ৰশিক্ষকৰ অভিযোগ 

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে দায়ী কোন? এয়া মৃত্যু নে আত্মহত্যা?- এনে ভিন্ন প্ৰশ্নই ভিৰ কৰিছেহি ছ’চিয়েল মিডিয়াত। তাৰ মাজতে সুশান্তৰ ব্যায়াম প্ৰশিক্ষক সুনীল শুক্লই টাইমছ নাওৰ আগত ব্যক্ত কৰিলে এক অভিযোগ।

সুশান্তৰে নিয়মিত যোগাযোগত থকা শুক্লৰ মতে, ‘ৰিয়া চক্ৰৱৰ্তীৰ দুই পিতৃয়ে সুশান্ত হত্যাৰ জাল ৰচিছিল।’ শুক্লই নিজ মতৰ সপেক্ষ এইদৰে কয়- ‘ৰিয়াৰ প্ৰথম পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তী আৰু ৰিয়াৰ ছুগাৰ ডেডী মহেশ ভাট এই দুজনে হত্যাৰ জাল ৰচিছিল। ৰিয়াৰ পিতৃ পেছাত ডাক্তৰ আৰু সুশান্তক তেওঁ নিয়মিত ঔষধ দিছিল। আনকি ৭ জুনৰ দিনা ৰিয়া সুশান্তৰ ঘৰৰ পৰা গুচি যাবৰ দিনাও তেওঁক ঔষধ দিয়া হৈছিল। তেতিয়া সুশান্তৰ ঘৰত আছিল ৰান্ধনি নীৰজ, বন্ধু সিদ্ধাৰ্থ পিঠানি আৰু পৰিচাৰক দীপেশ চাওয়ান্ত। তেনেহ’লে?’

সুনীল শুক্লই সন্দেহ কৰে যে বন্ধু সিদ্ধাৰ্থ আৰু সন্দীপো এই চক্ৰান্তৰ অংশীদাৰ হ’ব পাৰে।
শুক্লৰ মতে সুশান্তৰ মৃত্যু যে স্বাভাৱিক নহয়, সেই ক্ষেত্ৰত তেওঁ নিশ্চিত।

উল্লেখ্য বৰ্তমান সুশান্ত সিং ৰাজপুতৰ মৃত্যু বলীউড জগতৰ আটাইতকৈ সংবেদনশীল বিষয় ৰূপে চিহ্নিত হৈছে।

You might also like