নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবিধানৰ ৩৭০ ধাৰা বাতিলৰ সুফলঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদজনিত ঘটনা হ্ৰাস পাইছে ৫৪ শতাংশ

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে পুৱাই জম্মু-কাশ্মীৰত সেনাৰ অভিযানত ৩ সন্ত্ৰাসবাদী নিহত হয়। লগতে দুজন সেনা জোৱানো গুৰুতৰভাৱে আহত হয়।

এক পৰিসংখ্যা মতে, কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তিৰ পাছত সন্ত্ৰাসবাদজনিত ঘটনা ৫৪ শতাংশলৈ হ্ৰাস পাইছে। কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ ৰিপোৰ্ট মতে, বিগত কেইবছৰৰ তুলনাত এইবাৰ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদজনিত ঘটনা অর্ধেক হৈছে।

৩৭০ ধাৰা বাতিলৰ বাবেই এই সাফল্য বুলি দাবী কৰিছে কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ে। কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে ৰাজ্যসভাত জনাইছে, বিগত বছৰৰ ৫ আগষ্টৰ পৰা ২০২০ৰ ৯ ছেপ্টেম্বৰ পর্যন্ত জংগি আক্ৰমণৰ ঘটনা ঘটিছে ২১১টা। ২০১৮ আৰু ২০১৯-ৰ সময়ত ৪৫৫টা আক্ৰমণৰ ৰেকর্ড আছে। তেওঁ লগতে দাবী কৰিছে যে বিগত এবছৰ উপত্যকাত কোনো ডাঙৰ আক্ৰমণৰ ঘটনা ঘটা নাই।

কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল, সন্ত্রাসবাদৰ বিৰুদ্ধে ‘জিৰো টলাৰেন্স’ নীতি মানি চলা হ’ব। ইয়াত কোনোধৰণৰ আপোচৰ প্ৰশ্নই নুঠে। ইপিনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযানো চলাই নিছে সেনা আৰু আৰক্ষীয়ে। বিগত বহু মাহত বহুকেইজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক মৃত্যু উপহাৰ দিছে ভাৰতীয় সেনাই।

You might also like