নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই আমেৰিকানক ২০ বছৰকৈ কাৰাদণ্ড ভেনিজুৱেলাৰ

মাডুৰো চৰকাৰৰ বিৰুদ্ধে অভ্যুত্থানৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাডুৰোক ক্ষমতাচ্যুত কৰাৰ বাবে অভ্যুত্থানৰ পৰিকল্পনা কৰা দুই আমেৰিকান সৈনিকৰ বিৰুদ্ধে দেশখনৰ আদালতে ২০ বছৰকৈ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ যোৱা মে’ মাহত এই ব্যর্থ অভ্যুত্থানৰ নেতৃত্ব দিছিল লিউক ডেনমান আৰু আইৰান বেৰীয়ে৷ কাৰাকাছৰ আদালতে দুয়োগৰাকীকে ভেনিজুৱেলাৰ বিৰুদ্ধে ষড়যন্ত্র চলোৱা, দেশখনলৈ অবৈধ অস্ত্র সৰবৰাহ আৰু সন্ত্রাসবাদৰ পৰিকল্পনা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰিছে৷ স্মর্তব্য যে দুয়োজন আমেৰিকান সৈনিকে মে’ মাহত আন ১১জন লোকৰ সৈতে কলম্বিয়াৰ পৰা সমুদ্র পথেৰে আহি ভেনিজুৱেলাত প্রৱেশ কৰিছিল৷ ভেনিজুৱেলাৰ বন্দৰত দেশখনৰ সেনাই আটাইকেইজন লোকক গ্রেপ্তাৰ কৰিছিল৷ ইফালে এটর্নী জেনেৰেল টাৰেক উইলিয়াম ছাবে আজি উল্লেখ কৰিছে যে আন অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলাই যোৱা হ’ব৷ ভেনিজুৱেলাই আমেৰিকান নাগৰিককেইজনে দেশখনৰ চৰকাৰৰ বিৰুদ্ধে অভ্যুত্থানৰ পৰিকল্পনা চলোৱাৰ অভিযোগ অনাৰ পাছতে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইয়াক অস্বীকাৰ কৰি আহিছে৷

You might also like