নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএনইউৰ প্রাক্তন ছাত্র উমৰ খালিদক গ্রেপ্তাৰ দিল্লী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদৰ সময়ত চলিত বর্ষৰ ফেব্রুৱাৰী মাহত উত্তৰ–পশ্চিম দিল্লীত সংঘটিত সাম্প্রদায়িক সংঘর্ষত জড়িত থকাৰ অভিযোগত কালি নিশা দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে জে এন ইউৰ প্রাক্তন ছাত্র উমৰ খালিদক৷ প্রায় ১১ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত খালিদক বেআইনী কাম–কাজ প্রতিৰোধ আইন (ইউএপিএ)ৰ অধীনত দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্রেপ্তাৰ কৰাৰ পিছত আজি কার্কাৰডুমা জিলা আদালতত হাজিৰ কৰোৱা হৈছে৷

আৰক্ষীয়ে ১০ দিনৰ বাবে খালিদক জিম্মাত বিচাৰিছে যদিও আদালতে ৰায় সংৰক্ষিত ৰাখিছে৷ ইফালে, খালিদক গ্রেপ্তাৰ কৰাৰ পিছতে মানৱ অধিকাৰ সংস্থা এমনেষ্টি ইণ্ডিয়া, জে এন ইউ ছাত্র একতা সভা তথা বিশিষ্ট নাগৰিকসকলে দিল্লী আৰক্ষীৰ এই কার্যক গৰিহণা দিছে৷ খালিদৰ বিৰুদ্ধে কাবিৰোধী আন্দোলনত সাম্প্রদায়িক সংঘর্ষৰ উচটনি দিয়াৰ অভিযোগ অনাটো হাস্যকৰ বুলিও বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে৷

You might also like