নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰেড লাইন’ৰ এখোজ পাৰ হ’লেই ফুটিব গুলী

লাডাখত আগ্রাসন– বেইজিঙক হটলাইন মেছেজ দিল্লীৰ

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  ইতিহাসৰ পুনৰাবৃত্তি ঘটাৰ আশংকাত সম্প্রতি দিন অতিবাহিত কৰিছে লাডাখবাসীয়ে৷ ১৯৬২ চনৰ ২০ অক্টোবৰৰ পৰা ২১ নৱেম্বৰলৈকে ৰঙা চীনৰ সৈতে চলিছিল যুদ্ধ৷ প্রায় ছয় দশকৰ অন্তত সেই একেই দৃশ্য লাডাখৰ পৰা অৰুণাচল সীমান্তলৈকে৷ শীতৰ আগমনৰ লগে লগে পুনৰ এক ৰক্তক্ষয়ী যুদ্ধৰ বাবে যেন সাজু হৈছে চুবুৰীয়া দুই দেশ৷ লাডাখৰ পূব সীমান্তত থকা পেংগং হ্রদক কেন্দ্র কৰি বিগত এসপ্তাহ ধৰি ভাৰতৰ চুছুল, ৰেজাং লা আৰু চীনৰ মল্ডো, বেংগং হুনান, স্পেংগুৰ অঞ্চলত চলি থকা দুয়ো দেশৰ সমৰসজ্জাই নিঃসন্দেহে যুদ্ধৰ আগজাননী দিছে৷ ইয়াৰ মাজতেই ভাৰতীয় এক সূত্রই জানিবলৈ দিয়া মতে, পেংগং হ্রদৰ উত্তৰ পাৰত থকা অধিকাংশ পাহাৰৰ শৃংগ ভাৰতীয় সেনাই ইতিমধ্যে চীনৰ আগ্রাসনৰ কবলৰ পৰা নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছে৷ ‘মাউণ্টেন ৱাৰফেয়াৰ’ৰ দৃষ্টিকোণৰ পৰা যি অতিশয় গুৰুত্বপূর্ণ বিষয়৷ লক্ষণীয়ভাৱে ভাৰতীয় সেনাই পেংগং হ্রদৰ উত্তৰ পাৰৰ ফিংগাৰ ৪লৈকে থকা পাহাৰৰ প্রায় সকলো শৃংগ নিজৰ দখললৈ আনিব পাৰিছে যদিও ফিংগাৰ ৪ৰ পৰা ফিংগাৰ ৮লৈকে থকা পাহাৰবোৰ চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে (পি এল এ) সম্পূর্ণৰূপে নিজৰ নিয়ন্ত্রণত ৰাখিব পাৰিছে৷ ইয়াৰ মাজতে চীনা সৈন্যই ভাৰতীয় সেনাৰ আয়ত্তত থকা পাহাৰসমূহ দখল কৰাৰ বাবে সামৰিক কুচকাৱাজ চলাই থকা বুলি জানিব পৰা গৈছে৷ তদুপৰি ফিংগাৰ ৪লৈকে চীনা সৈন্যই ব্যাপক নির্মাণকার্যও চলাই থকাৰ কথা পোহৰলৈ আহিছে৷ লক্ষণীয় বিষয়টো হৈছে লাডাখত প্রথমবাৰৰ বাবে পেংগং হ্রদৰ উত্তৰপাৰত থকা বিবদমান এলেকাত ভাৰতীয় সেনাই কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় সেনাবাহিনীয়ে এই কাঁইটীয়া তাঁৰৰ বেৰক ‘ৰেড লাইন’ হিচাপে চিহ্ণিত কৰিছে৷ চীনা সৈন্যই এই ‘ৰেড লাইন’ এখোজ পাৰ হোৱাৰ চেষ্টা চলালেই ভাৰতে সামৰিকভাৱে অর্থাৎ গুলীচালনাৰে প্রতিহত কৰা হ’ব বুলি ‘হট লাইন’যোগে পি এল এলৈ ইতিমধ্যে বার্তা প্রেৰণ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ এইক্ষেত্রত নতুন দিল্লীয়ে সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ কমাণ্ডাৰসকলক সম্পূর্ণ ‘ফ্রী হেণ্ড’ দিয়া বুলিও সূত্রটোৱে এই প্রতিবেদকক জানিবলৈ দিছে৷ আনহাতে, পেংগং হ্রদৰ দক্ষিণ পাৰত থকা পাহাৰবোৰো ভাৰতীয় সেনাই শেহতীয়াকৈ নিজৰ আয়ত্তত আনিবলৈ সক্ষম হৈছে বুলি সূত্রটোৱে সদৰী কৰে৷ বিশেষকৈ ৪৫ বছৰ পাছত যোৱা সোমবাৰে চীন–ভাৰত সীমান্তত প্রথমটো গুলী ফুটাৰ ঘটনাৰ পাছত চীনা সৈন্যক কার্যতঃ স্তম্ভিত কৰি ভাৰতীয় সেনাই অতি সন্তর্পণে দক্ষিণ পাৰত থকা পাহাৰবোৰৰ শৃংগ সম্পূর্ণৰূপে নিজৰ নিয়ন্ত্রণলৈ আনিব পাৰিছে৷ ইয়াৰ পাছতেই চলিত সপ্তাহত প্রতিদিনে পেংগং হ্রদৰ দক্ষিণ পাৰত থকা সমতল এলেকাত একাধিক টেংকেৰে সজ্জিত হৈ ড্রেগন বাহিনীয়ে সামৰিক পেৰেড চলাই থকাৰ কথাও জানিব পৰা গৈছে৷ ভাৰতীয় সেনাৰ মতে, পি এল এই ভীতি প্রদর্শনৰ লগতে ভাৰতীয় সেনাক প্রৰোচিত কৰাৰ বাবেই এই কৌশল অৱলম্বন কৰিছে৷ পিছে ভাৰতীয় সেনাই যে চীনা সৈন্যৰ কোনো প্রৰোচনাতেই ভৰি নিদিয়ে, সেই কথা সূত্রটোৱে স্পষ্ট কৰি দিছে৷ সামগ্রিকভাৱে পেংগং হ্রদৰ আশে–পাশে সামৰিক দৃষ্টিকোণৰ পৰা ভাৰতীয় সেনাই ‘এডভাণ্টেজ পজিচন’ত আছে৷ আৰু এই সামৰিক দৃষ্টিকোণৰ পৰা পেংগং হ্রদৰ দক্ষিণ পাৰত নিজৰ শক্তি ক্রমাৎ হ্রাস পোৱাটো অনুভৱ কৰি যোৱা দুটা দিনত চীনা সৈন্যই আক্রমণাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে৷ সামৰিক কুচকাৱাজ লক্ষণীয়ভাৱে বৃদ্ধি কৰিছে৷ ভাৰতীয় সেনাই ধাৰণা কৰা মতে, লাডাখ সীমান্তত চীনৰ ৰণকৌশল এতিয়া সম্পর্ণৰূপে বেইজিঙৰ হেডকৱার্টাৰৰ পৰা পৰিচালিত হৈ আছে৷ সেয়েহে ড্রেগন বাহিনীয়ে হঠাতে আক্রমণাত্মক হৈ পৰিছে৷ এইক্ষেত্রত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে খোদ পি এল এক এই নির্দেশ প্রদান কৰা বুলি ধাৰণা কৰা হৈছে৷ ইপিনে সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, পেংগং হ্রদৰ দক্ষিণ পাৰত ভাৰতৰ ওপৰত হেঁচা প্রদানৰ বাবে হ্রদটোৰ সমীপত থকা স্পেংগুৰ গিৰিপথত চীনে ১৫টাৰ পৰা ২০টা কামান (টেংক) কঢ়িয়াই আনিছে৷ আনহাতে, সীমান্তৰ মল্ডো কেম্পত যোৱা এসপ্তাহত চীনে কমেও ৭,০০০ সেনা মোতায়েন কৰা বুলি ভাৰতে নিশ্চিত হৈছে৷ ইয়াৰ বিপৰীতে চুছুল কেম্পত ভাৰতে অনুৰূপসংখ্যক সেনাবাহিনী অলপতে মোতায়েন কৰিছে৷ ইপিনে ভাৰতীয় সেনাই অনুমান কৰা মতে লাডাখ সীমান্তত এই মুহূর্তত কমেও ৫০,০০০ চীনা সৈন্যই বাহৰ পাতি আছে৷ চীনৰ এই বিপুলসংখ্যক সৈন্যৰ বিপৰীতে ভাৰতেও অতিৰিক্ত ৪০,০০০ সেনা মোতায়েন কৰিছে৷ তদুপৰি কেইবাটাও স্থায়ী ব্রিগেড আছে৷
চীনৰ উচটনিত ‘টু ফ্রণ্ট ৱাৰ’ৰ ভাবুকি পাকিস্তানৰ
পূব লাডাখত ভাৰত আৰু চীনৰ মাজত বিৰাজমান তীব্র উত্তেজনাৰ মাজতেই ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছে পাকিস্তানে৷ চীনৰ ব্লু–প্রিণ্ট অনুসৰি ভাৰতৰ বিৰুদ্ধে ‘টু ফ্রণ্ট ৱাৰ’ৰ সকলো প্রস্তুতি চলাই আছে চিৰবৈৰী ৰাষ্ট্রখনে৷ পাকিস্তানৰ সেনাপ্রধান কামাৰ জাভেদ বাজৱাই কোনো লুক–ঢ়াক নৰখাকৈ ভাৰতৰ বিৰুদ্ধ যুদ্ধৰ বাবে প্রস্তুত হ’বলৈ নিজৰ সেনা জোৱানসকলক নির্দেশ দিছে৷ বুধবাৰে ৰাৱালপিণ্ডিত পাকিস্তানৰ সেনাবাহিনীৰ মুখ্য কার্যালয়ত জাভেদ বাজৱায়ে শীর্ষ সেনা বিষয়াসকলৰ সৈতে এই সন্দর্ভত এখন বৈঠকত মিলিত হোৱা বুলি পাকিস্তানী সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে৷ বৈঠকত ভাৰতৰ বিৰুদ্ধে কি কি সামৰিক কৌশল অৱলম্বনেৰে যুদ্ধ কৰিব পাৰি, তাৰ ওপৰত আলোচনা হোৱা বুলি বাতৰিত প্রকাশ পাইছে৷ উল্লেখ্য যে চীন–ভাৰতৰ সংঘাতক অচিলা হিচাপে লৈ পিছদুৱাৰেৰে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ অপচেষ্টা চলাব পাৰে বুলি ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে অলপতে আশংকা ব্যক্ত কৰিছিল তথা পাকিস্তানক এই দুঃসাহস দেখুওৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছিল৷

You might also like