নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত স্থাপন হ’ব ৱেবলে এণ্ড স্কটৰ বন্দুক নির্মাণৰ কাৰখানা

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  ঐতিহ্যমণ্ডিত ব্রিটিছ বন্দুক নির্মাণ কোম্পানী ৱেবলে এণ্ড স্কটৰ কাৰখানা এটি উত্তৰ প্রদেশত স্থাপন কৰা হ’ব৷ ৱেবলে এণ্ড স্কটৰ নতুন বন্দুক নির্মাণ কাৰখানাটো হাৰদৈ জিলাত স্থাপন কৰা হ’ব আৰু অহা নৱেম্বৰৰ পৰা কার্যকৰী হ’ব৷ উল্লেখ্য যে ভাৰতত বন্দুক নির্মাণ কৰা কাৰখানা স্থাপন কৰা প্রথম বিদেশী কোম্পানী হ’ব ৱেবলে এণ্ড স্কট৷ মন কৰিবলগীয়া যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সশস্ত্র বাহিনী বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বাধীন সন্মিলিত বাহিনীয়ে ৱেবলে এণ্ড স্কটে উৎপাদন কৰা বন্দুক, অস্ত্র–শস্ত্র ব্যৱহাৰ কৰিছে৷ দ্বিতীয় বিশ্বযুদ্ধত অতি কমেও ১৩খন দেশে এই কোম্পানীটোৰ অস্ত্র–শস্ত্র যুদ্ধত শত্রু ৰাষ্ট্রৰ বিৰুদ্ধে প্রয়োগ কৰিছিল৷ এতিয়া এই প্রখ্যাত বন্দুক নির্মাণ কোম্পানীটোৱে ভাৰতত নতুনকৈ গোট স্থাপন কৰিব৷ উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা প্রায় ৩০ কিলোমিটাৰ নিলগত হাৰদৈত স্থাপন কৰিবলগীয়া কাৰখানাটো লক্ষ্ণৌস্থিত ছিয়াল মেনুফেক্সাৰার্ছ প্রাইভেট লিমিটেডৰ সৈতে যুটীয়াভাৱে বিদেশী কোম্পানীটোৱে স্থাপন কৰিব বুলি কোম্পানীটোৰ বিবৃতিত প্রকাশ পাইছে৷ প্রথম পর্যায়ত এই কাৰখানাটোত .৩২ ৰিভলভাৰ নির্মাণ কৰিব৷

You might also like