নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা পাইলটে উৰুৱাব ৰাফেল বিমান

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অত্যাধুনিক ৰাফেল বিমান উৰুৱাব ভাৰতীয় বায়ু সেনাৰ মহিলা পাইলটে। বায়ুসেনাৰ এগৰাকী মহিলা পাইলট সাজু হৈছে ৰাফেল বিমান উৰুৱাবলৈ। বৰ্তমানলৈ বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰা নাই পাইলটগগৰাকীৰ নাম।

উল্লেখযোগ্য যে ২০১৫ চনত প্ৰথমবাৰৰ বাবে বায়ুসেনাত নিযুক্ত হৈছিল ৩গৰাকী মহিলা পাইলট। বায়ুসেনাত মুঠ ১০গৰাকী যুদ্ধ বিমানৰ পাইলট আছে। পাইলট অৱনী চতুৰ্বেদীয়ে MIG-21 উৰুৱাইছিল আৰু ইয়াৰ পাছত ভাৱনা কান্তেও উৰুৱাইছিল MIG-21। এই দুইগৰাকী মহিলা পাইলটৰ ভিতৰতে এগৰাকী ৰাফেলৰ সহ পাইলট হোৱাৰ সম্ভাৱনা অধিক।

You might also like