নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ বিৰোধী সেনানীৰ ৰূপত শিক্ষার্থী সমাজ

  • ৰিংকুমণি পাঠক, গুৱাহাটী

বিগত কিছুদিনৰে পৰা অসমৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীৰ ঘৰৰ পঢ়া কোঠালিবোৰ হৈ পৰিছে একো একোটা কল চেণ্টাৰ৷ ক’ভিড–১৯ৰ ভয়াৱহতা নিয়ন্ত্রণ কৰিবলৈ বর্তমান ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ আছে৷ তাৰ মাজতে লকডাউনৰ বাবে ঘৰতে থকা একাংশ ছাত্র–ছাত্রীয়ে ক’ভিড–১৯ৰ বিৰুদ্ধে  একো একোগৰাকী যোদ্ধা হিচাপে দায়িত্ব পালন কৰি আহিছে৷ এইসকল ছাত্র–ছাত্রীৰ কষ্টৰ বিনিময়তে বহিঃৰাজ্যত আবদ্ধ  হৈ থকা শ্রমিককে ধৰি অসমৰ বহু অসহায় লোকে চৰকাৰৰ পৰা আর্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰৰ অসম কেয়ার্ছ আঁচনিৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ আঠশ শিক্ষার্থীয়ে ৰাজ্যৰ বাহিৰত আবদ্ধ  হৈ থকা লোকসকলক সহায় কৰাৰ বাবে অহর্নিশে চেষ্টা অব্যাহত ৰাখিছে৷ লকডাউনৰ সময়ছোৱাত অসমৰ বাহিৰত আবদ্ধ হৈ থকা আর্থিকভাৱে দুর্বল লোকসকলক সহায় কৰাৰ বাবে স্বেচ্ছাসেৱক হিচাপে কাম কৰি আহিছে কলেজ–বিশ্ববিদ্যালয়্ ছাত্র–ছাত্রীসকলে৷ এজন লোকে আর্থিক সহায়ৰ বাবে অসম চৰকাৰে নির্ধাৰণ কৰা হেল্পলাইনত মিছড কল দিয়াৰ পাছতে এছ এ এছযোগে তেওঁ লাভ কৰে অনলাইন প্র–পত্র পূৰণৰ লিংক৷ কিন্তু বহিঃৰাজ্যত আবদ্ধ অধিকাংশ লোকেই অশিক্ষিত বা নিৰক্ষৰ হোৱাৰ বাবে নিজাকৈ প্র–পত্র পূৰণ কৰিব নোৱাৰে৷ তেনেক্ষেত্রত সহায়ৰ বাবে ফোন কৰে ছাত্র–ছাত্রীসকলে৷ ফোনতে তেওঁলোকে নাম–ঠিকনাৰ পৰা বেংকৰ সবিশেষ তথ্য সংগ্রহ কৰি আর্থিকভাৱে দুর্বল লোকসকলক সহায়ৰ হাত আগবঢ়ায়৷ কটন বিশ্ববিদ্যালয়ৰ কুমাৰ শিৱম নামৰ স্নাতক মহলাৰ ছাত্রগৰাকীয়ে শেহতীয়াকৈ একেটা দিনতে দুশৰো অধিক লোকক ফোন কৰি সহায়ৰ হাত আগবঢ়ায়৷ এই সন্দর্ভত তেওঁ কয়–‘মই ফোনযোগে কথা পতা অধিকাংশ লোকেই দৰিদ্র আৰু অশিক্ষিত৷ এনে কঠিন সময়ত তেওঁলোকক সহায় কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত৷ অৱশ্যে ফোনযোগে মানুহক সৈমান কৰাটো বা অশিক্ষিত লোক এজনৰ পৰা তথ্য সংগ্রহ কৰাটো একেবাৰে সহজ কথা নহয়৷’ কটনৰে বিভূস্মিতা শর্মা নামৰ গৱেষক ছাত্রীগৰাকীয়ে অলপতে ১৩০জন লোকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়৷ ছাত্র–ছাত্রীসকলক দৈনিক নূ্যনতম ৩৫টা ফোনকল কৰিবলৈ পৰামর্শ দিয়া হৈছে যদিও ছাত্রীগৰাকীয়ে গডে ৭০–৮০টা ফোনকল কৰে বুলি জনায়৷ আনহাতে অভিযান্ত্রিক পাঠ্যক্রমৰ ব্যস্ততাৰ মাজতো দুর্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ বহু শিক্ষার্থী৷ ৰাজ প্রীতম গুপ্তা নামৰ ছাত্রগৰাকীয়ে এই সন্দর্ভত কয়–‘কলেজৰ ফালৰ পৰা আমাৰো অনলাইন ক্লাছবোৰ চলি আছে৷ কিন্তু নিজৰ ৰাজ্যৰ মানুহখিনিক সহায় কৰাটো আমাৰ সকলোৰে দায়িত্ব৷ ঘৰত থাকি পঢ়া–শুনা কৰাৰ লগতে পার্যমানে বাহিৰত আবদ্ধ অসমীয়াসকলক সহায় কৰাৰ বাবে চেষ্টা চলাই গৈছোঁ৷’ একেখন মহাবিদ্যালয়ৰ গৌৰৱ ঘোষ নামৰ ছাত্রগৰাকীয়ে জনোৱা অনুসৰি অসমৰ বাহিৰত আবদ্ধ হৈ থকা অধিকাংশ লোকেই নিৰক্ষৰ হোৱা বাবে তেওঁলোকে প্রয়োজনীয় তথ্যসমূহ দিব নোৱাৰে৷ তেনেক্ষেত্রত স্বেচ্ছাসেৱকসকলৰ দায়িত্বৰ ভাৰ বাঢ়ে৷বহিঃৰাজ্যত আশ্রয় আৰু খাদ্যৰ অভাৱত অসমৰ বহু শ্রমিকে দুর্বিষহ সময় পাৰ কৰিবলগীয়া হৈছে বুলি তেওঁ জনায়৷ তেনে উপায়হীন লোকসকলক অসম চৰকাৰৰ জৰিয়তে আর্থিক সাহায্য প্রদান কৰাৰ সুযোগ লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰে ছাত্রগৰাকীয়ে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰো বহু ছাত্র–ছাত্রীয়ে স্বেচ্ছাসেৱক হিচাপে জডিত হৈ সংকট কালত দায়বদ্ধতাৰ পৰিচয় দিছে৷ বিশ্ববিদ্যালয়খনৰ জুবিন মুক্তিয়াৰ নামৰ ছাত্রগৰাকীয়ে জনোৱা অনুসৰি আর্থিক সাহায্য প্রদানৰ লগতে বহিঃৰাজ্যত থকা লোকসকলৰ ডাটাবেছ প্রস্তুত কৰাৰ ক্ষেত্রত সক্রিয় ভূমিকা পালন কৰিছে শিক্ষার্থীসকলে৷ একেদৰে পিৰামল ফাউণ্ডেচনৰ জুনেইদ আহমেদ নামৰ কর্মীগৰাকীয়েও এই প্রকল্পৰ সৈতে জডিত থাকি সন্তুষ্টি ব্যক্ত কৰে৷ ছাত্র–ছাত্রীসকলৰ লগতে বহুকেইগৰাকী শিক্ষক–শিক্ষয়িত্রীয়ে আর্তজনক সহায় কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৷

You might also like