নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুটিৰ শিল্পৰে স্বনিৰ্ভৰশীল ষাঠিকুছিৰ জয়চৰণ শীল

  • শৈলন বৰ্মন

ভিন্ন সময়ত সংস্থাপন নাপাই বহু যুৱক–যুৱতীয়ে হীনমন্যতাত ভোগাৰ সময়তে নলবাৰী জিলাৰ গোৱৰাদলৰ নিকটৱর্তী ষাঠিকুছি (কুলবিল চুবা) গাঁৱৰ জয়চৰণ শীলে কুটিৰ শিল্পৰ জৰিয়তে দেখুওৱাইছে বিশেষ নিদর্শন৷ ১৪ বছৰ বয়সৰ পৰাই নিজৰ সুনিপুণ হাতৰ পৰশেৰে বাঁহ আৰু বেতেৰে ন–ন শিল্প সৃষ্টি কৰি যাবলৈ সক্ষম হোৱা জয়চৰণ শীলে শৈশৱত আর্থিক দৈন্যৰ সৈতে যুঁজিব লগা হোৱাৰ বাবে বাঁহৰ শিল্পকলাৰ প্রতি আকর্ষিত হৈছিল আৰু পিছলৈ এনেকৈয়ে এই শিল্পকলাৰ লগত তেওঁ জডিত হৈ পৰে৷ তেওঁ কেৱল বাঁহ আৰু বেতেৰে ভিন্ন সামগ্রী, যেনে– চকী, মেজ, আলমিৰা, পালেং, ডাইনিং, মূঢ়া, কিতাপ ৰখা ৰেক, ফুলদানি, ডেকৰটিভ,বাঁহৰ বিছনা, ছোফা ছেট, শৰাই আদি সামগ্রী তৈয়াৰ কৰি সেইসমূহ বিক্রী কৰি পত্নী, পুত্র–কন্যাসহ চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছে৷ নিজাববীয়াকৈ নিজৰ হাতৰ পৰশত নির্মিত সামগ্রী বিক্রী কৰি স্বাৱলম্বী হোৱাৰ লগতে বহুজনক তেওঁ সংস্থাপনো দিছে৷ নিজে ভাল পোৱা এই শিল্পকর্মৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে দিল্লীৰ প্রগতি মৈদাম, বোম্বে, গোৱা আদিত তেওঁৰ শিল্প তথা বিভিন্ন সৃষ্টিৰাজি প্রদর্শন কৰি আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন দুর্গাপূজাথলীৰ মণ্ডপ, তোৰণ আদি নির্মাণ কৰি ৰাইজৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ আনকি তেওঁ নলবাৰীৰ সু–সন্তান সংগীত নাটক একাডেমী বঁটাপ্রাপক বিশিষ্ট ভাস্কর্য শিল্পী তথা আন্তঃৰাষ্ট্রীয় কলা নির্দেশক নুৰুদ্দিন আহমেদৰ লগতো বিভিন্ন সময়ত বিভিন্ন কামত অংশগ্রহণ কৰিছে৷ প্রয়োজনীয় সা–সুবিধাৰ অভাৱতো মাত্র নিজৰ প্রতিভাৰ বলত বাঁহ–বেতৰ শিল্পৰ ন–ন সৃষ্টিৰে শিল্পী হিচাপে ৰাইজৰ মাজত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা জয়চৰণ শীলে বর্তমান বিভিন্ন অনুষ্ঠানত প্রদর্শন কৰিবৰ বাবে আৰু বিভিন্ন বিলাসী হোটেলৰ কাৰণে বাঁহ–বেতৰ চকী–মেজৰ লগতে বিভিন্ন সামগ্রী প্রস্তুত কৰাতব্যস্ত৷ প্রচাৰবিমুখ স্থিতপ্রজ্ঞ তথা আর্থিকভাৱে দুর্বল শিল্পী জয়চৰণ শীলে প্রয়োজনীয় সা–সুবিধাৰ অভাৱতো অকল নিজৰ প্রতিভাৰ বলত আৰু নিজৰ শিল্পী সত্তাৰ বাবে নীৰৱে নিজৰ সাধনা অব্যাহত ৰাখিছে৷ সকলো কাম কাতি কৰি বাঁহ শিল্পৰ মাজত নিজকে বিলাই দিব খোজা এই ব্যক্তি তথা নীৰৱ শিল্পীজনক কিছু পৰিমাণে আর্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰক গাঁওবাসীয়ে আহ্বান জনাইছে ৷

ফোন – ৯১০১০২০৬০২

You might also like