নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থ অধ্যয়নৰ অভিনৱ প্রয়াস যোৰহাটৰ অৰিন্দম গগৈৰ

এককভাৱে ছাত্র–ছাত্রীৰ মাজত বিতৰণ কৰিছে বিভিন্ন বিষয়ৰ কিতাপ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ

  • অংশমান হাজৰিকা

            এটা জাতিৰ উন্নতিৰ জখলা সেই জাতিটোৰ গ্রন্থ প্রেমৰ ওপৰত বহুখিনি নির্ভৰ কৰে৷ অসমীয়া জাতিৰ কিতাপ পঢ়াৰ প্রৱণতা কমি অহা বুলি যি সময়ত শুনিবলৈ পোৱা যায়, সেই সময়তে ২০১৪ চনৰ পৰাই একব্যতিক্রমী প্রয়াসেৰে অসমৰ জনসমাজত বিশেষকৈ ছাত্র–ছাত্রীৰ মাজত কিতাপ পঢ়াৰ প্রৱণতা জগাই তুলিবলৈ চেষ্টা কৰি আহিছে যোৰহাট জিলাৰ নিৱাসী অৰিন্দম গগৈয়ে৷ সম্পূর্ণ নিজৰ উপার্জনেৰে একক প্রচেষ্টা চলাই অহা অৰিন্দম গগৈয়ে আজিলৈকে ২০০ৰো অধিক বিদ্যালয়ত প্রায় ১৩,০০০ৰো অধিক গ্রন্থ ছাত্র–ছাত্রীৰ মাজত উপহাৰ হিচাপে দি গ্রন্থ অধ্যয়নৰ সজাগতা সৃষ্টি কৰি আহিছে৷ তেখেতে এই বিষয়ত ক’ব খোজে যে–অসমত এতিয়াও এনে বহু বিদ্যালয় আছে য’ত নেকি ম’বাইল নেটৱর্ককণৰো ভাল সুবিধা নাই৷ আৰু তেনে ঠাইৰ বিদ্যালয়সমূহৰ অভিভাৱকেই হওক বা ছাত্র–ছাত্রীয়েই হওক, কিতাপ কিনি পঢ়িব পৰাকৈ সক্ষম হৈ নুঠে ভিন্ন কাৰণত৷ সেই ঠাইৰ শিশুসকলৰ মাজত প্রতিভা থাকিলেও সময় মতে সকলোৰে মাজলৈ প্রকাশ হৈ ওলাব নোৱাৰে৷ সেই ছাত্র–ছাত্রীসকলৰ মাজত কিতাপ অধ্যয়নৰ সজাগতা অনাৰ বাবে প্রয়োজনীয় গ্রন্থসমূহ তেওঁলোকে পঢ়িবলৈ পোৱাটো নিতান্তই প্রয়োজনীয়৷ সেই মহৎ উদ্দেশ্যকেই সাৰোগত কৰি তেওঁলোকৰ মানসিক স্বাস্থ্য গঠনৰ উদ্দেশ্যে এই কামখিনি কৰি থকা হৈছে৷ পৰিৱেশ দিৱসৰ দিনা যিদৰে সকলোৱে গছপুলি এটা উপহাৰ হিচাপে দিয়ে, ঠিক তেনেদৰেই সকলোৱে বিভিন্ন অনুষ্ঠানত ইজনে আনজনক গ্রন্থ এখন উপহাৰ হিচাপে দিয়াটোও এক মহৎ কাম৷ কেৱল মাত্র চৰকাৰী খণ্ডতে নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতো তেখেতে ছাত্র–ছাত্রীসমূহৰ মাজত গ্রন্থ উপহাৰ দি আহিছে৷ তেখেতে ক’ব খোজে যে তেখেতৰ গ্রন্থ যাত্রাৰ সহযাত্রী কোটিপতি ঘৰৰ শিশু এজনৰ পৰা দুখীয়া ঘৰৰ শিশুলৈকে সকলো৷ ধনী এজনে যি শিক্ষা পায়, দুখীয়া ছাত্র বা ছাত্রী এজনো সম শিক্ষাৰ অধিকাৰী বুলি তেখেতৰ বিশ্বাস৷ তেখেতে নিজে বিদ্যালয়সমূহলৈ কিতাপ বিতৰণ কৰাৰ উপৰি তেখেতৰ লগত যোগাযোগ কৰা আন বিদ্যালয়, গাঁও অঞ্চলত বিভিন্ন এন জি অ’সমূহে পতা সাহিত্য প্রতিযোগিতাসমূহত অংশগ্রহণ কৰা প্রতিজন ছাত্র–ছাত্রীকো গ্রন্থ একোখনকৈ উপহাৰ দি আহিছে৷ গ্রন্থসমূহ ছাত্র–ছাত্রীসকলে ভালদৰে পঢ়িছে নে নাই, তাৰো বিতং তথ্য পিছলৈ ৰাখে৷ এজন ছাত্রই পঢ়াৰ উপৰি সেইখন কিতাপকে আন দহজন ছাত্র–ছাত্রীকো দি পঢ়িবলৈ উৎসাহিত কৰি অহাৰ লগতে আন ব্যক্তিয়ে যদি তেওঁৰ পুৰণি কিতাপ বিক্রী কৰিব বিচাৰে, তেন্তে সেয়াও উচিত মূল্য দি ক্রয় কৰি তেখেতে পুনৰ ছাত্র–ছাত্রীৰ মাজত বিলাই দিয়ে৷ উপহাৰ দিয়া কিতাপৰ ভিতৰত মৌচাক মামাৰ ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত শিশু উপন্যাস মানী, বাণী আৰু এখন ফুলনি, জোন আৰু জোনলৈ, ইলেক্ট্রনিক নামৰ ল’ৰাটো, মহৎ লোকৰ জীৱনী, কুইজ, মৌচাক, নতুন আবিষ্কাৰ আৰু সাধু কথাৰ কিতাপ (অসমীয়া আৰু ইংৰাজী শিশু উপযোগী গ্রন্থ)কে ধৰি অন্য গ্রন্থও সোমাই আছে৷ তেখেতৰ এই মহৎ উদ্দেশ্যৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁৰ লগতে বিটিচি কমাণ্ডেণ্ট ভূপেন্দ্র নাথ হাজৰিকা ছাৰ, ৰুলি দাস, গৌতম নেওগ, জয়শ্রী সন্দিকৈ, বিদ্যুৎ বৰা, বিজু ভকতকে আদি কৰি আন কেইবাজনো ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকৰ নিজ নিজ অঞ্চলত বহু ছাত্র–ছাত্রীৰ মাজত গ্রন্থ উপহাৰ দি আহিছে৷ অসমত গ্রন্থ অধ্যয়নৰ প্রতি সজাগতা অনাৰ বাবে অৰিন্দম গগৈয়ে যি এক গণ বিপ্লৱৰ সূচনা কৰিছে, তাৰ সফলতাৰ বাবে সকলোকে এই মহৎ কামৰ অংশীদাৰ হ’বলৈ আহ্বান জনালোঁ৷

You might also like