নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা লোকবাদ্য প্রস্তুতেৰে সুনাম অর্জন সোণাৰিৰ ছাত্র মানৱজ্যোতিৰ

শিক্ষাগ্রহণৰ সমান্তৰালকৈ সংস্কৃতিৰ চর্চা

  • অভিজিৎ ভূঞা, চৰাইদেউ

সোণাৰি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ চতুর্থ ষাণ্মাসিকৰ এজন ছাত্র৷ পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰাৰ সমান্তৰালকৈ থলুৱা লোকবাদ্য পৰিৱেশনৰ প্রতিও বিশেষভাৱে আগ্রহী ছাত্রজন৷ নিয়মীয়াকৈ পঢ়া–শুনা কৰাৰ লগতে আজৰি সময়ত থলুৱা লোকবাদ্য প্রস্তুত তথা পৰিৱেশন কৰি চর্চালৈ আহিছে সেইজন ছাত্র৷ সোণাৰি মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্র মানৱজ্যোতি বৰুৱা৷ চৰাইদেউ জিলাৰ জুটুলনিৰ বাসিন্দা এই ছাত্রজন এতিয়া ব্যস্ত থলুৱা লোকবাদ্য প্রস্তুত কৰাত৷ নিয়মীয়াকৈ পঢ়া–শুনা কৰাৰ লগতে ম’হৰ শিঙৰ পেঁপা, গগনা, সুতুলি, টকা, কৰতাল, আদি প্রস্তুত কৰাৰ লগতে নাচনীৰ খোপা শুৱনি কৰা কাকৈ ফণি তথা ঢ়োলৰ মাৰি প্রস্তুতত ব্যস্ত ছাত্রজন৷ সৰুৰে পৰাই অসমীয়া সংস্কৃতিৰ লোকবাদ্যৰ প্রতি বিশেষভাৱে আগ্রহী এইগৰাকী ছাত্রই প্রমাণ কৰিছে যান্ত্রিকতাৰ যুগত যে এতিয়াও নৱপ্রজন্মই পাহৰা নাই থলুৱা লোকবাদ্যৰ কথা৷ মানৱজ্যোতিয়ে সম্বন্ধীয় ককায়েক এজনৰ লোকবাদ্য সাজিবলৈ শিকিছিল নৱম শ্রেণীত পঢ়ি থকা সময়তে৷ লোকবাদ্য বজোৱাৰ লগতে নির্মাণতো পাৰদর্শী এইগৰাকী ককায়েকৰ অনুপ্রেৰণাতে মানৱজ্যোতিয়ে পঢ়া–শুনাৰ মাজতে আজৰি সময়ত সাজি উলিয়াইছিল ঢ়োলৰ মাৰি, গগনা, বাঁহৰ সুতুলি, টকা, কাকৈ ফণি, কৰতালকে ধৰি বিভিন্ন থলুৱাবাদ্য৷ লোকবাদ্য প্রস্তুতৰ প্রতি হেঁপাহ বৃদ্ধি হোৱাৰ লগে লগে শিৱসাগৰৰ প্রসিদ্ধ লোকবাদ্য নির্মাতা দ্বিজেন গগৈৰ ঘৰত কিছুদিন থাকি ২০১৭ বর্ষতে মানৱজ্যোতিয়ে এইবোৰ নির্মাণৰ প্রশিক্ষণ গ্রহণ কৰে৷ প্রতিদিনে আজৰি সময়ত নির্মাণ কৰি আহিছে বিভিন্ন থলুৱা বাদ্য৷ উল্লেখ্য যে এইগৰাকী প্রতিভাৱান যুৱকে ম’হৰ শিঙৰ পেঁপাৰ লগতে শেহতীয়াকৈ বাঁহৰ পেঁপাও সাজি উলিয়াইছে৷ যিটো দেখাত আৰু বজোৱাত ম’হৰ শিঙৰ পেঁপাৰ দৰে৷ কিছুদিন পূর্বে মানৱজ্যোতিৰ এই সাংস্কৃতিক যাত্রাৰ খবৰ ল’বলৈ যাওঁতে দেখা পাইছিলোঁ ঘৰত অসংখ্য গগনা, বাঁহৰ কাকৈ ফণি, ঢ়োলৰ মাৰিৰ লগতে কেইবাটাও ম’হৰ শিঙৰ যুৰীয়া পেঁপা, বাঁহৰ টকা, বাঁহী আদি সাজি ৰাখিছিল৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, ৰঙালী বিহুৰ আগে আগে এইবোৰ বিহুৱা–বিহুৱতীসকল্ যোগান ধৰা হ’ব৷ তদুপৰি চাহিদা অনুসৰি যোগান ধৰিবলৈ কেতিয়াবা অসুবিধা হয় বুলিহে মন্তব্য কৰে৷ ইয়াৰ পৰা বুজা যায় যে লোকবাদ্য বজোৱা লোকবহুত আছে যদিও প্রস্তুত কৰোঁতাৰ সংখ্যা নগণ্য৷ যাৰ বাবে এইসমূহ বিচাৰি বিহুৱা–বিহুৱতীসকল্ বহু সময়ত বিমোৰত পৰাও পৰিলক্ষিত হয়৷ আনহাতে এইক্ষেত্রত মানৱজ্যোতি এইবাবেই অনন্য, কাৰণ যি সময়ত নৱপ্রজন্মৰ বহুতেই লোকবাদ্য বজোৱাটো দূৰৰে কথা, চিনিয়েই নাপায়, সেই সময়ত মানৱজ্যোতিয়ে নিজে বজোৱাৰ লগতে এইসমূহ আটকধুনীয়াকৈ সাজি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ প্রয়াস কৰিছে৷ সমান্তৰালকৈ এই লোকবাদ্য প্রস্তুতৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে মানৱজ্যোতিয়ে৷ গগনাৰ দাম এশ টকা, বাঁহৰ সুতুলি এটাত পঞ্চাশ টকা, কাকৈ ফণি এখনত এশ টকা৷ আনহাতে ম’হৰ শিঙৰ পেঁপাৰ মূল্য এহাজাৰৰ পৰা চাৰি হাজাৰলৈ৷ এখন কটাৰি তথা হেকচু ব্লেডেৰে সামগ্রীসমূহ তৈয়াৰ কৰাত বহু সময় খৰচ হোৱা বাবেই চাহিদা পূৰণ কৰিবলৈবহু সময়ত অসমর্থ হয়বুলি জানিবলৈ দিয়ে যুৱকজনে৷ আনহাতে বর্তমানে এইসমূহ প্রস্তুত কৰি ঋতু অনুযায়ী ভাল উপার্জন কৰিবলৈ সক্ষম হোৱা বুলিও কয়৷ যি সময়ত নৱপ্রজন্মৰ যুৱক–যুৱতীসকলে তথ্য–প্রযুক্তিবিদ্যাৰ্ কৃপাত প্রতিযোগিতাৰ দৌৰত দৌৰি হাবাথুৰি খোৱা বুলি অভিযোগ উত্থাপন হৈছে, সেই সময়ত থলুৱা লোকবাদ্য প্রস্তুত কৰি উপার্জনৰ পথ বাছি লোৱা কার্য সঁচাকৈ প্রশংসনীয়ই নহয়, আদর্শনীয়ও৷ নৱ প্রজন্মৰ যুৱক সোণাৰি মহাবিদ্যালয়ৰ ছাত্র মানৱজ্যোতিয়ে শিক্ষা গ্রহণৰ সমান্তৰালকৈ জীৱন নির্বাহ কৰাৰ যি সংগ্রাম আৰম্ভ কৰিছে, সেয়া অতিকৈ আদৰণীয় তথা ব্যতিক্রমী পদক্ষেপ৷ এই যাত্রা অব্যাহত থাকক, আমি তাৰেই কামনা কৰিছোঁ ৷

ফোন – ৭০৮৬৫–৭২৫৬

You might also like