নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ক্লাব ৰাইনো

সমাজ সেৱাৰ চাৰি দশকজোৰা পৰিক্রমা

মুনীন্দ্র কুমাৰ দাস, বৰপেটা
ফোন ৯৪৩৫৩–২০৫৯৪

১৯৭৯ চনৰ ১৫ আগষ্টত বৰপেটাৰ কেইজনমান অত্যুৎসাহী যুৱকৰ আশাশুধীয়া প্রচেষ্টাত এটি স্বেচ্ছাসেৱী সংগঠন হিচাপে ক্লাব ৰাইনো আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷ ক্লাবৰ মূল উদ্দেশ্য আৰু লক্ষ্য আছিল দুখীয়া লোকৰ সেৱা৷ সেই উদ্দেশ্য আগত ৰাখিয়েই ক্লাবৰ সদস্যসকলে দুখীয়া ৰাইজৰ মাজত চিকিৎসা সেৱাকেই মুখ্য কৰি কামত আগবাঢ়ে৷ ক্লাব স্থাপিত হোৱা দিনৰ পৰা বর্তমান পর্যন্ত চল্লিশ বছৰ ধৰি ক্লাবৰ সৌজন্যত বিনামূলীয়া চকু চিকিৎসা তথা অস্ত্রোপচাৰ শিবিৰ অনুষ্ঠিত কৰি আহিছে, য’ত বৰপেটা জিলাৰ হাজাৰ হাজাৰ লোক উপকৃত হৈছে৷ ইয়াৰ উপৰি চহৰৰ দাঁতিকাষৰীয়া গ্রামাঞ্চলত স্বাস্থ্যসেৱা শিবিৰৰ জৰিয়তে স্বাস্থ্য ৰক্ষাৰ সজাগতা, চিকিৎসা সেৱা, ঔষধ আদি বিতৰণ কৰা হয়৷ ভকতপাৰা, পাটবাউসী, সুন্দৰীদিয়া, আমৃখোৱা আদি গাঁৱত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়৷ চৰকাৰৰ বিভিন্ন দিৱসৰ লগত সংগতি ৰাখি ক্লাব ৰাইনোৱে ১৯৭৯ চনৰ ১২ ডিচেম্বৰত আন্তর্জাতিক শিশু বর্ষ বৰপেটাত বৰ ধুমধামেৰে পালন কৰে৷ শিশুসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা, ফলমূল, গাখীৰ আদি বিতৰণ কৰা হয়৷ বিশ্ব এইড্ছ দিৱস, ৰক্তদান দিৱস, বিশ্ব পৰিৱেশ দিৱস, কুষ্ঠৰোগ নিবাৰণ দিৱস আদিৰ লগত সংগতি ৰাখি জনসজাগতা, শোভাযাত্রা, সভা আদিৰ আয়োজন কৰা হয়৷ বৰপেটা অঞ্চল দ ঠাই হোৱা হেতুকে বানপানীৰ প্রকোপ বেছি৷ সেয়েহে ক্লাব ৰাইনোৰ সদস্যসকলে বানপানীৰ সময়ত আক্রান্ত ৰাইজৰ মাজত খাদ্য বস্তুৰ লগতে চিকিৎসা সেৱা আগবঢ়ায়৷ এইবাৰ জুলাই মাহত হোৱা প্রলয়ংকৰী বানত ক্ষতিগ্রস্ত হৈ শিবিৰত থকা প্রায় আঠশ পৰিয়ালক খাদ্যবস্তু আৰু বীজাণুনাশক দ্রব্য বিতৰণ কৰে৷ বানাক্রান্ত অঞ্চল কলগাছিয়া, ভক্তদবা, কাৱৈমাৰী পথাৰত বিনামূলীয়া পশু চিকিৎসা আৰু প্রতিষেধক ছিটা প্রদান শিবিৰৰ আয়োজন কৰে৷ বর্তমান সময়ত সকলোৰে আলোচনাৰ বিষয়বস্তু প্রদূষণৰ ভয়াৱহতা৷ গছপুলি ৰোপণেই এই সমস্যাৰ একমাত্র উপায়৷ ক্লাব ৰাইনোৱে ১৯৮৬ চনৰ পৰা প্রতিবছৰে গছপুলি ৰোপণ কার্যসূচী পালন কৰি আহিছে৷ জীৱ–জন্তু কল্যাণ পৰিষদ, ভাৰত আৰু ক্লাব ৰাইনোৰ সহযোগত ১৯৯৮ চনত জীৱ–জন্তুৰ প্রতি কৰা নিষ্ঠুৰতা আৰু বর্বৰতা নির্মূলকৰণৰ উদ্দেশ্যে এই সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়৷ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ হকে চহৰত এটি শোভাযাত্রা উলিওৱা হয়৷ পিছৰ পর্যায়ত জনহিতকৰ সেৱাৰ লগতে চৰকাৰৰ পৰা এন জি অ’ হিচাপে স্বীকৃতি লাভ কৰে৷ এই পৰিপ্রেক্ষিতত চৰকাৰৰ বিভিন্ন আঁচনি ক্লাব ৰাইনোৱে সুচাৰুৰূপে পালন কৰে৷ ভয়াৱহ এইড্ছ ৰোগৰ বিষয়ে সজাগতা অনাৰ বাবে ক্লাবে ১৯৯৫ চনৰ পৰা কাম কৰি আহিছে৷ ৰাজ্যিক এইড্ছ নিয়ন্ত্রণ কোষ আৰু ক্লাব ৰাইনোৰ সৌজন্যত এই ৰোগৰ ভয়াৱহতা সম্পর্কে আলোচনা–চক্র সেই সময়ৰ স্বাস্থ্যমন্ত্রীয়ে উদ্বোধন কৰে৷ স্কুলৰ শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজত এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ হকে কর্মশালা অনুষ্ঠিত হয়৷ লগতে ক্লাবত ৰক্তদান আৰু ৰক্ত গ্রুপ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়৷ হেপাটাইটিছ–বি ৰোগৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ ক্লাবৰ নিজা ভৱনত এই ৰোগৰ প্রতিষেধক ছিটা প্রদান কৰা হয়৷ য’ত হাজাৰজন লোক উপকৃত হয়৷ অসম চৰকাৰৰ কৃষি বিভাগৰ এটা উল্লেখযোগ্য প্রকল্প৷ জিলা ভিত্তিত ৰাজ্যৰ এন জি অ’বিলাকক এই প্রকল্পৰ অধীনত কৃষি, মৎস্য, দুগ্ধ আৰু পশুপালনৰ উন্নয়নৰ বাবে ক্ষেত্রভিত্তিক অধ্যয়ন, বীজ যোগান, ট্রেক্টৰ যোগান, খেতি–মাটিৰ পৰিমাণ আদিৰ প্রতিবেদন কৃষি বিভাগক দিব লাগে৷ পাঁচ বছৰীয়া এই প্রকল্প বৰপেটা জিলাত ক্লাব ৰাইনোৱে লাভ কৰে আৰু অতি সুচাৰুৰূপে প্রকল্পটো সম্পূর্ণ কৰি অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ বর্তমান ৰাইনোৱে কৃষি বিভাগৰ সৌৰশক্তিৰ এটি প্রকল্পৰ কাম কৰি আছে৷ ক্রীড়াৰ ক্ষেত্রতো ক্লাব ৰাইনোই বৰপেটা অঞ্চলত যথেষ্ট অৰিহণা যোগাইছে৷ অসমৰ বিভিন্ন ঠাইত হোৱা ভলীবল প্রতিযোগিতাত অংশগ্রহণ কৰি চূড়ান্ত সন্মান অর্জন কৰিছে৷ ক্রিকেট, কেৰম, দবা, নাও খেল আদি প্রতিযোগিতা অনুষ্ঠিত কৰা আৰু এথলেটিকছ প্রশিক্ষণ শিবিৰৰ আয়োজন কৰিছে৷ ক্লাব ৰাইনোৱে বৰপেটাত চাউলখোলা নৈত পোনপ্রথমে সাঁতোৰ প্রশিক্ষণ শিবিৰৰ আয়োজন কৰে৷ ক্লাবৰ সদস্য প্রয়াত দেৱজিৎ চৌধুৰীৰ স্মৃতিত অসম ভিত্তিত ভলীবল অনুষ্ঠিত কৰে৷ ১৯৮১ চনত ক্লাবৰ উদ্যোগত গঢ়ি উঠা শৰীৰ চর্চা শাখাত ক্লাবৰ শৰীৰ চর্চাবিদসকলে অসম তথা ভাৰতৰ ভিতৰতে শৰীৰ চর্চা প্রতিযোগিতাত সুখ্যাতি অর্জন কৰি আহিছে৷ ক্লাবত ভাৰোত্তোলন, শক্তিত্তোলন, যোগাসন আদিৰ নিয়মীয়া প্রশিক্ষণ অনুষ্ঠিত হৈ থাকে৷ ক্লাব ৰাইনোৱে বৰপেটাত প্রথমবাৰৰ বাবে প্রাচীন এথলেটিকছ ক্রীড়া সমাৰোহ অনুষ্ঠিত কৰে৷ যোৱা ২০০৫ চনত ক্লাব ৰাইনোৰ ৰূপালী জয়ন্তী ধুমধামেৰে পালন কৰা হয়৷ সচৰাচৰ মানুহৰ ধাৰণাত থকা ক্লাব মানে জিৰণি ঘৰ৷ এই ধাৰণাক ক্লাব ৰাইনোৰ সদস্যসকলে সমুলঞ্চে নস্যাৎ কৰি ভৱিষ্যতে ৰাইজৰ সেৱাত কাম কৰি যাব বুলি অংগীকাৰবদ্ধ৷

You might also like