নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাকৈ খেতিৰে সপোন ৰচিছে দলগাঁৱৰ কৃষকে

  • আব্দুচ ছামাদ, দলগাঁও

দৰঙৰ দলগাঁও কৃষি মহকুমা অঞ্চলত সম্প্রতি দেখা গৈছে হাজাৰ হাজাৰ বিঘা মাটিত মাকৈ খেতি৷ সচৰাচৰ  অঞ্চলটোত কৃষকসকলে ধান, মৰাপাট, সৰিয়হ, শাক–পাচলি খেতিহে কৰে৷মাকৈ খেতি কাচিৎহে কৰিছিল ৷ কিন্তু বিগত দুই–তিনি বছৰ ধৰি অঞ্চলটোৰ খেতিয়কসকলে মাকৈ খেতিত বাৰুকৈ মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ৰবি শস্যৰ বতৰত কৃষকে শাক–পাচলি আৰু আহু ধান খেতি কৰিছিল যদিও এতিয়া আহু ধানৰ পৰিৱর্তে মাকৈ খেতিৰ প্রতি অধিক আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে৷ তাৰ কাৰণ ফঁহিয়ালে জনা যায় যে মাকৈ খেতি কৰাত আন খেতিতকৈ  কম খৰচ হয়, শাৰীৰিক কষ্টও কম হয়৷ প্রয়োজন নহয় আন খেতিৰ তুলনাত ৰাসায়নিক  সাৰৰ৷ নালাগে জলসিঞ্চনো৷ কম কষ্ট কম খৰচ কৰি বেছি লাভৱান হোৱাৰ আশাৰে খেতিয়কসকলে কৰিছে মাকৈ খেতি৷ অঞ্চলটোৰ ২ নম্বৰ মাগুৰমাৰী চাপৰিত ১০ বিঘা মাটিত মাকৈ খেতি কৰা সকমান আলিয়ে জনোৱা মতে বিঘাই প্রতি চাৰি–পাঁচ হাজাৰ টকা খৰচ কৰি কৰা মাকৈ খেতিৰ পৰা উপার্জন কৰিব পাৰি বিঘাই প্রতি ত্রিশ হাজাৰ টকা৷ সম্প্রতি এই খেতিৰ বাবে বতৰ বাৰুকৈ উপযুক্ত আৰু বজাৰত মাকৈৰ দাম লাভজনক৷ মাকৈ খেতিত বেছি কষ্ট কৰিবও নালাগে৷ কৃষি বিভাগে যোগান ধৰা মাকৈৰ বীজ যথেষ্টও নহয়, সিমান ভালো নহয়৷ সময়মতে পোৱাও নাযায়, পাবলৈ তাঁতবাটি কাঢ়ি ফুৰিব লাগে, দালাল ধৰিব লাগে৷ নিজ দলগাঁও  জগজীৱন পথাৰ পৰিচালনা সমিতিৰ সভাপতি জ্ঞানী হৰিজনে জানিবলৈ দিয়া মতে, আহু ধানতকৈ মাকৈ খেতি বেছি লাভজনক৷ ইয়াৰ চোকাজানী জলসিঞ্চনে দুবছৰ ধৰি পানী নিদিয়া বাবেও ৰাইজে মাকৈ খেতিক বাছি লৈছে৷ তেখেতেও তিনি বিঘা মাটিত মাকৈ কৰিছে৷গৰাখাট গাঁৱৰ ৰিপুলাল ভুজেলে কয় যে মাকৈ খেতি কৰি তেওঁ লাভৱান হৈছে৷ এইবাৰ পাঁচ বিঘা মাটিত মাকৈ খেতি কৰিছে৷ তেওঁ অভিযোগ কৰে যে চৰকাৰে কৃষক ৰাইজৰ চাহিদাৰ প্রতি দৃষ্টি নিদিয়ে৷ ৰাইজে বিচাৰিছিল মাকৈৰ বীজ, কিন্তু চৰকাৰে সামান্য পৰিমাণে মাকৈৰ বীজহে যোগান দিয়াত দুই–এজনে পালে, বাকী সকলো কৃষকে গাঁঠিৰ ধনেৰে মাকৈবীজ ক্রয় কৰিহে খেতি কৰিছে৷ বিপৰীতে চৰকাৰে আহু ধানৰ বীজ যোগান ধৰিছে যদিও এতিয়াও কার্যালয়তে পৰি আছে, ল’বলৈ কৃষকৰ হেতাওপৰা নাই৷ বাঁহাবাৰী গাঁৱৰ বাহাৰুল ইছলামে সাত বিঘা মাটিত মাকৈ খেতি কৰি কয় এতিয়ালৈ বতৰ ভাল আৰু আগন্তুক দিনত বতৰ ভাল থাকিলে মাকৈ খেতিৰ পৰা কৃষকে বাৰুকৈ লাভান্বিবত হ’ব৷ মুঠতে দলগাঁও কৃষি মহকুমা অঞ্চলৰ কৃষক ৰাইজে অভুতপূর্বভাৱে নতুনকৈ মাকৈৰ খেতিৰ প্রতি আকৃষ্ট হৈ সপোন ৰচনা কৰিছে ৷

You might also like