নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত কৃষি বিপ্লৱৰ জোৱাৰ

  • প্ৰাঞ্জল প্ৰাণ খাউণ্ড, মাজুলী

চাৰিজন শিক্ষিত যুৱক ক্রমে প্রদীপ কলিতা, পংকজ কলিতা, দাদু কলিতা আৰু জয়ন্ত কলিতাই ১০ বিঘা মাটিৰ ৮ বিঘা মাটিত ভেণ্ডি আৰু ২ বিঘা মাটিত কৰিছেবডো ধানৰ খেতি৷ ৰাজু কলিতাই আমাক জানিবলৈ দিয়া মতে, ৮ বিঘা মাটিত যুৱককেইজনে ১,২০,০০০ জোপা ভেণ্ডি হোৱাকৈ গুটি ৰোপণ কৰিছে আৰু প্রতিজোপা ভেণ্ডিৰ পৰা এক কেজিকৈ উৎপাদন হ’লেও এক লাখ জোপা ভেণ্ডিৰ পৰা তিনি মাহত প্রায় এক লাখ কেজি ভেণ্ডি উৎপাদন হ’ব৷ অতি কমেও এক কেজিত ১০ টকাকৈ বিক্রী কৰিলেও তিনি মাহত যুৱককেইজনে ১০ লাখ টকা উপার্জন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে৷ ইফালে ৰাজু কলিতাই বডো খেতিৰ পৰাও অর্থ উপার্জন কৰাৰ থল আছে৷ এটা সময়ত অসমৰ বাহিৰত থাকি অর্থ উপার্জন কৰি পৰিয়াল পোহপাল দি অহা এই যুৱক চাৰিজনে এইবাৰ বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱর্তে আঘোণ মাহত বাওধান দাই ছন পৰি থকা মাটিত কৰিবলৈ লৈছে এই পৰীক্ষামূলক কৃষি বিপ্লৱ৷ এই কৃষি কর্মৰ জৰিয়তে সাফল্য লাভ কৰিলে অনাগত সময়ত আৰু বিভিন্ন কৃষিৰে নিজকে আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ সংকল্প লৈছে যুৱককেইজনে৷ কাৰো সহায়লৈ বাট নাচায়, কোনো চৰকাৰী সাহায্য, কৃষি বিভাগৰ সহায় নোলোৱাকৈ কৃষি কর্মত জডিত হোৱা যুৱকসকলে বজাৰক লৈবর্তমানৰ পৰাই চিন্তা কৰি থকাবুলি আমাক জানিবলৈ দিয়াৰ লগতে বিভাগীয় লোকৰ পৰা সহায়– সহযোগিতা কামনা কৰিছে৷  মুঠৰ ওপৰত এই যুৱককেইজনে বর্তমান সময়ত অবাবত সময় নষ্ট নকৰি কৃষি কর্মত জডিত হোৱা কার্যই যুৱক সমাজক উৎসাহিত কৰাৰ লগতে প্রতিজন নিবনুৱাৰ বাবে আশাৰ বার্তা কঢ়িয়াইছে ৷

ফোন – ৯১০১৩–৪৮৩৩৭

You might also like