নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ কিশোৰ অম্বৰীশে সাজিলে বিশেষ কলম

লকডাউনত সৃষ্টিশীল মনৰ বহিঃপ্রকাশ

  • ববিতা ভৰালী, শিৱসাগৰ

ক’ৰোনা ভাইৰাছৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লকডাডন ঘোষণা কৰিব লগা হোৱাত যেন স্তব্ধ হৈ পৰিল ব্যস্তময় জনজীৱন৷ চাৰিওফালে জনশূন্য, ৰিঙা ৰিঙা পদূলি, ডকা ডকা মন৷ সুদিনৰ অপেক্ষাত দেশবাসী৷ ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰি মানৱ জীৱনলৈ অমানিশা মাতি অনাৰ সময়তে পৰোক্ষভাৱে কিন্তু এই ভাইৰাছে কিছু যোগাত্মক বার্তাও প্রেৰণ কৰিছে মানৱ জীৱনলৈ৷ ডদাহৰণ স্বৰূপে প্রদূষণমুক্ত পৃথিৱীয়ে যেন প্রাণ পাই ডঠি ডজ্জীৱিত হৈ ডঠিছে পুনৰ এবাৰ৷ বর্তমান বসন্ত ঋতুৰ পৰশত গছে–বনে, ফলে–ফুলে জাতিষ্কাৰ হৈ ডঠিছে ধৰাৰ সকলোবোৰ৷ বনৰ জীৱ–জন্তু, পশু–পক্ষীয়েও যেন বনত মুকলিকৈ বিচৰণ কৰি ডপভোগ কৰাৰ লগতে প্রকৃতিৰ কোলাত উমলিবলৈও সকাহ পাইছে৷ নদ–নদী, জান–জুৰিৰ পানীও নির্মল হৈ পৰিছে একালৰ দৰে৷ ব্যস্তময় জীৱনৰ পৰা কিছু সকাহ লৈ প্রায় প্রতিজন লোকেও যেন নতুনকৈ ডপভোগ কৰিবলৈ শিকিছে নিজৰ বহুমূলীয়া জীৱনটো৷ এই সময়তে বহু সৃষ্টিশীল মনৰ ব্যক্তিয়ে নিজস্ব সুপ্ত প্রতিভাসমূহ বিকাশ কৰাৰো যেন এক সুযোগ লাভ কৰে৷ তেনে এক ডদাহৰণ শিৱসাগৰৰ হাঁহচৰা কুঁজিবালিৰ এজন কণমানি ছাত্র নাম অম্বৰীশ স্বর্ণকাৰ৷ লকডাডনৰ মাজতে কণমানি ছাত্র অম্বৰীশ স্বর্ণকাৰে একক প্রচেষ্টাৰে সাজি ডলিয়ালে এক বিশেষ যন্ত্র৷ সততে গ্রীষ্মকালীন অৱস্থাত বিদ্যুতৰ নাটনি দেখিবলৈ পোৱা যায় গ্রামাঞ্চলসমূহত৷ বিদ্যুতৰ এনে লুকাভাকুৰ পৰা হাত সাৰিবলৈ অম্বৰীশে নিজ হাতে তৈয়াৰ কৰি ডলিয়ালে এবিধ বিশেষ কলম৷ এই যন্ত্রবিধৰ আৱিষ্কাৰৰ মূলতেই হৈছে সন্ধিয়া সময়ত অম্বৰীশৰ দৰে আন ছাত্র–ছাত্রীসকলৰ অধ্যয়নৰত অৱস্থাত ঘনাই বিদ্যুতৰ কর্তনৰ বাবে হোৱা সমস্যাৰ লাঘৱ কৰিবৰ বাবে৷ এই যন্ত্রবিধৰ নাম পেইন লাইটাৰ ফেন৷ যন্ত্রবিধ সাজি ডলিওৱা অম্বৰীশ স্বর্ণকাৰ শিৱসাগৰৰ ডিমুৱাল বিদ্যাভৱনৰ সপ্তম শ্রেণীৰ ছাত্র৷ লকডাডনৰ মাজতে অম্বৰীশে তৈয়াৰ কৰিলে এই বিশেষ যন্ত্রবিধ৷ এই বিশেষ যন্ত্রবিধত অম্বৰীশে এটা কলমত পাংখা, বাল্ব সংলগ্ণ কৰি একে সময়তে পোহৰ আৰু বতাহ পাব পৰাকৈ নির্মাণ কৰি ডলিয়াইছে৷ গ্রীষ্ম অৱস্থাত অধ্যয়ন কৰি থকাৰ সময়ত এই যন্ত্রবিধে বতাহ দিয়া, পোহৰ দিয়াৰ লগতে লিখনিটো সহায়ক হ’ব৷ অধ্যয়নৰত অৱস্থাত এই যন্ত্রবিধ ব্যৱহাৰ কৰি একে সময়তে কলমেৰে আৱশ্যকীয় টোকা লিখা, গৰম ডঠিলে কলমত সংলগ্ণ হৈ থকা পাংখাৰে বতাহ লোৱাৰ লগতে প্রয়োজনীয় পোহৰৰো যোগান ধৰিব পৰা ব্যৱস্থাৰ সুবিধা ৰখা হৈছে৷ কণমানি অম্বৰীশৰ এই ডদ্ভাৱনে ছাত্র–ছাত্রীসকলক বিশেষকৈ মধ্যবৃত্ত বা তাৰ তলৰ পৰিয়ালৰ লোকসকল ডপকৃত হ’ব বুলি আশা ৰাখিছে৷ ইমান কম বয়সতে নিজ অধ্যৱসায়ৰ জৰিয়তে ছাত্র–ছাত্রীসকল ডপকৃত হ’ব পৰাকৈ নির্মাণ কৰি ডলিওৱা এনে অত্যাৱশ্যকীয় যন্ত্রই আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশাবাদী কণমানি অম্বৰীশ৷

You might also like