নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ মহানুভৱী চিকিৎসক প্রসন্ন কুমাৰ বৰদলৈ

ববিতা ভৰালী ফোনঃ ৮৬৩৮১–৯৫৩২৪

স্বাস্থ্যই হৈছে মানৱ জীৱনৰ পৰম ধন৷ নিজৰ লগতে পৰিয়ালটোৰ প্রতিগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্রতিজন লোকে বিচাৰে৷ কিন্তু বর্তমান সময়ত ব্যস্ত জীৱনৰ বিশৃংখল জীৱন প্রণালী, বিভিন্ন ৰাসায়নিক সাৰযুক্ত খাদ্য সেৱন, প্রদূষণ ইত্যাদিৰ বাবে মানৱ জীৱনৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন হৈছে৷ চিকিৎসাৰ বাবদ ডপার্জনৰ এক মোটা অংক খৰচ হয় বহুজনৰ৷ ৰাজ্যৰ বিভিন্ন ঠাইত চিকিৎসা সেৱাৰ নামত এচাম চহকীব্যৱসায়ীয়ে আৰু চিকিৎসকে প্রতিযোগিতাৰ দৰে বিভিন্ন ব্যক্তিগত চিকিৎসালয় নাইবা নার্ছিং হোম নির্মাণ কৰিছে, ঠিক সেই অনুপাতে ৰোগীৰ সংখ্যাও বৃদ্ধি পাই আছে দিনক দিনে৷ ফলত একাংশ চিকিৎসকৰ বাবে ৰোগী আৰু তেওঁৰ পৰিয়ালটো হৈ পৰে সোণৰ কণী পৰা হাহসদৃশ৷ সমাজত নিতৌ এনে ঘটনা সংঘটিত হৈ আছে, য’ত নেকি ৰোগীৰ চিকিৎসাৰ নামত পৰিয়ালৰ লোকক মানসিক আৰু অর্থনৈতিকভাৱে হাৰাশাস্তি কৰা হয়৷ শিৱসাগৰৰ দ’লমুখ চাৰিআলিৰ সমীপৰ এখন চিকিৎসালয়ে বছৰ বছৰ ধৰি মানৱ সেৱাৰ দৰে মহৎ কর্মত জড়িত হৈ আছে৷ ১৯৫৬ চনত স্থাপিত হোৱা এই চিকিৎসালয়খনৰ নাম জয়দয়াল খেমকা মাতৃ সেৱা সদন৷ এই চিকিৎসা কেন্দ্রটি সেই সময়ৰ শিৱসাগৰ নগৰৰ একমাত্র চিকিৎসা সেৱা কেন্দ্র আছিল, য’ত স্ত্রী ৰোগ আৰু বিশেষভাৱে প্রসূতি মাতৃৰ চিকিৎসা আগবঢ়োৱা হৈছিল৷ ১৯৫৬ চনত মাৰোৱাৰী সম্প্রদায়ৰ বেনাৰসী লাল আৰু চাৱল ৰাম ভাতৃদ্বয়ে প্রথমবাৰৰ বাবে শিৱসাগৰীয়া ৰাইজৰ সুবিধার্থে সু–প্রচেষ্টাৰ চিন্তা কৰিছিল৷ তেওঁলোকৰ নিজা প্রচেষ্টাত নগৰৰ মাজমজিয়াত চৰকাৰে দান কৰা ভূমিত গঢ় লৈ ডঠিছিল ডক্ত জয়দেৱাল খেমকা মাতৃ সেৱা সদন৷ ইয়াৰ লগে লগে আৰম্ভ হৈছিল শিৱসাগৰ নগৰৰ মাজমজিয়াৰ প্রথমখন প্রসূতি ৰোগ চিকিৎসা সেৱা কেন্দ্র৷ ১৯৫৬ চনৰ পৰা নিৰৱছিন্নভাৱে ২০০৭ লৈকে সুদীর্ঘ ৫১ বছৰ শিৱসাগৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ, বিশেষকৈ গ্রামাঞ্চলৰ গর্ভৱতী মহিলাসকল ডপকৃত হোৱাকৈ এই জয়দেৱাল খেমকা মাতৃ সেৱা সদন চিকিৎসা কেন্দ্রটিয়ে বিশেষভাৱে সেৱা আগবঢ়াই আহিছে৷ ইয়াৰ পিছত ১৯৮৪ চনত জয়সাগৰত অসামৰিক চিকিৎসালয়খন প্রতিষ্ঠা হোৱাৰ ফলত জয়দেৱাল খেমকা মাতৃ সেৱা সদনৰ পৰা প্রসূতি বিভাগটো স্থানান্তৰিত কৰা হয়৷ ইয়াৰ ফলত কিছুদিন কেন্দ্রটিত এই বিশেষ সেৱা বিভাগটো থমকি ৰয়৷ ২০০৮ চনৰ সেই সময়ৰ শিৱসাগৰ জিলা ডপায়ুক্ত নৱাব হুছেইনৰ সহযোগত তথা খেমকা দয়ালৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ একান্ত প্রচেষ্টাত স্বাস্থ্যকেন্দ্রটো সামূহিক ব্যক্তিগত অংশীদাৰিত্ব (পাব্লিক প্রাইভেট পার্টনাৰশ্বিপ) হিচাপে পুনৰ আৰম্ভ কৰা হয়৷ ২০০৮ চনৰ ১৪ অক্টোবৰত সর্বমুঠ ১৫ লাখ টকা চৰকাৰী অনুদানসাপেক্ষে ডক্ত স্বাস্থ্যকেন্দ্রটি পুনৰ নির্মাণ তথা আধুনিক চিকিৎসা বিজ্ঞানৰ আহিলা–পাতিসহ শুভাৰম্ভ কৰা হয়৷ ২০০৮ বর্ষৰ পৰা ২০০৯ বর্ষলৈকে স্ত্রী ৰোগ বিশেষজ্ঞ চিকিৎসক বিনোদ পণ্ডিতে সেৱা আগবঢ়াইছিল৷ তেওঁ আঁতৰি যোৱাৰে পিছৰে পৰা চাৰিটাকৈ মাহ চিকিৎসকৰ অভাৱত কেন্দ্রটি অচল হৈ পৰিছিল৷ ৪৫জনীয়া খেমকা সদন পৰিচালনা সমিতিৰ সদস্যসকলৰ একাণপতীয়া আৰু নেৰানেপেৰা প্রচেষ্টাত ২০১০ চনৰ ১ এপ্রিলৰ পৰা কেন্দ্রটিয়ে এজন নতুন ঔষধ বিভাগৰ অৱসৰপ্রাপ্ত চিকিৎসকক ৰাইজৰ সেৱাৰ বাবে লাভ কৰে৷ সেই দিন ধৰি আজিপর্যন্ত এই চিকিৎসকজনে নিৰৱচ্ছিন্নভাৱে সুদীর্ঘ ১০ বছৰ কাল ৰাইজৰ বাবে সেৱা আগবঢ়াই আছে সম্পূর্ণ নিঃস্বার্থভাৱে৷ দাৰিদ্র্য সীমাৰেখাৰ তলতবাস কৰা লোকসকলৰ লগতে স্বাস্থ্য সচেতন প্রতিজন ব্যক্তিক সামর্থ্য অনুসৰি চিকিৎসা সেৱা প্রদান কৰিবৰ বাবে আগবাঢ়ি অহা শিৱসাগৰৰ এজন চৰকাৰী অৱসৰপ্রাপ্ত চিকিৎসক হৈছে প্রসন্ন কুমাৰ বৰদলৈ৷ ৭৬ বছৰ গৰকা মৃদুভাষী তথা সংগীত অনুৰাগী প্রসন্ন কুমাৰ বৰদলৈ জিলা স্বাস্থ্যকেন্দ্রৰ অধীক্ষক হিচাপে ২০০২ চনত অৱসৰ গ্রহণ কৰি বর্তমান মানৱ সেৱাৰ সঁচা নিদর্শন দাঙি ধৰিছে৷ মূলতঃ নগাঁও জিলাৰ জখলাবন্ধাৰ বৰদলৈ বর্তমান শিৱসাগৰ নগৰৰ কালিবাৰী নিৱাসী৷ তেওঁৰ পত্নী প্রসূতি বিভাগৰ চিকিৎসক ইলু বৰদলৈয়ে জিলা স্বাস্থ্যকেন্দ্রৰ যুটীয়া সঞ্চালিকা হিচাপে ইতিমধ্যে অৱসৰ গ্রহণ কৰিছে৷ প্রসন্ন কুমাৰ বৰদলৈৰ ভাষ্য– সাধাৰণতে এজন চিকিৎসকৰ বর্তমান সময়ত ৰোগী চোৱাৰবাবদ মাননি হৈছে ৩৫০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকাপর্যন্ত৷ সমাজৰ এচাম লোকে এই মাননিৰ লগতে ঔষধ–পাতিৰ সমস্ত খৰচ বহন কৰিবৰ বাবে অপাৰগ৷ সেয়েহে তেওঁৰ মহৎ চিন্তাধাৰা আৰু সঁচা অর্থত মানৱ সেৱাৰ বাবে গ্রহণ কৰা চিকিৎসা সেৱাৰ নামত লোৱা শপতনামাটো বাস্তৱত ৰূপায়িত কৰি আহিছে৷ দৈনিক ৮০–১২০জন পর্যন্ত শিশুৰ পৰা বৃদ্ধলৈকে ৰোগীক তেওঁ চোৱা–চিতা কৰি আহিছে৷ মাত্র ১০ টকাৰ এটি কুপন সংগ্রহ কৰা হয় ৰোগীসকলৰ পৰা, যাতে নিতৌ এটি সমীক্ষা প্রস্তুত কৰিব পৰা যায় ডক্ত চিকিৎসা কেন্দ্রটিত ৰোগীৰ সংখ্যা কিমান হৈছে৷ দুগৰাকী নার্ছ, এগৰাকী পৰিচাৰিকা, এজন কুপন সংগ্রহকাৰী আৰু চিকিৎসক প্রসন্ন কুমাৰ বৰদলৈ সহিতে এই পাঁচজনীয়া দলটিক সামান্য পৰিমাণৰ পাৰিশ্রামিক প্রদান কৰি আহিছে জয়দেৱাল খেমকা মাতৃ সেৱা সদন চিকিৎসা কেন্দ্রটিৰ ৪৫জনীয়া পৰিচালনা সমিতিখনে৷ ডক্ত সমিতিখনৰ সভাপতি শুভকৰণ শর্মা, সম্পাদক প্রদীপ খেমকাৰ নেতৃত্বত প্রতিজন সদস্যই প্রতি মাহেই নিজৰ ডপার্জনৰ এক অংশ জমা কৰি যায় যাতে চিকিৎসালয়খনৰ এই পাঁচজনীয়া দলটিক পাৰিশ্রমিক প্রদান কৰিব পাৰে৷ ৭৬ বছৰ বয়সতো কোনো দিন ৰোগী চাই আমনি নোপোৱা প্রসন্ন কুমাৰ বৰদলৈ সঁচা অর্থত এক সুদক্ষ চিকিৎসক হোৱাৰ লগতে এজন সমাজ সচেতন তথা পৰোপকাৰী লোক৷ শিশুৰ পৰা বৃদ্ধলৈকে নিতৌ অসংখ্যজনক চিকিৎসা সেৱা প্রদান কৰাৰ লগতে নানান খুহুতীয়া কথাৰে আনন্দিত কৰি তোলে৷ হঁাহিমুখীয়া বৰদলৈয়ে সংগীত শুনি অত্যন্ত ভাল পায়৷ সেয়েহে নিতৌ পুৱা চিকিৎসা কেন্দ্রটিত ডপস্থিত হৈয়ে চিৰসেডজ গীতসমূহ মৃদু স্বৰত বজাই লৈ ৰোগীক সেৱা আগবঢ়ায়৷ এই সন্দর্ভত তেওঁক প্রশ্ণ কৰাত কৈছিল যে সংগীতে মন–প্রাণ প্রফুল্লিত কৰি ৰাখে৷ বলীডডৰ পুৰণি বোলছবিৰ গীতসমূহ মোৰ অতি প্রিয়, লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতো তেওঁৰ অতিকে প্রিয়৷ লগতে সংগীতে তেওঁৰ কর্মস্পৃহা বৃদ্ধি কৰে বুলিও মন্তব্য কৰে৷ যেতিয়ালৈকে সম্ভৱ তেতিয়ালৈকে মানৱ সেৱাৰ দৰে মহৎ কর্মত নিজকে সমর্পিত কৰি সমাজৰ বিশেষকৈ দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকসকলক চিকিৎসা সেৱা প্রদান কৰি যাব বুলি তেওঁ মনস্থ কৰিছে৷ কিমান এটা বিশাল মনৰ অধিকাৰী হ’লে এজন চিকিৎসকে সামান্যতম পাৰিশ্রমিকৰ বিনিময়ত পুৱা ১০ বজাৰ পৰা গধূলি ৬ বজালৈকে নিতৌ অজস্রজনক চিকিৎসা সেৱাৰ দৰে এক মহৎ তথা গুৰুত্বপূর্ণ সেৱা আগবঢ়াব পাৰিব৷ প্রসন্ন কুমাৰ বৰদলৈৰ দৰে ডদাৰ, দয়ালু, পৰোপকাৰী লোকৰ আমাৰ সমাজত সঁচাকৈয়ে প্রয়োজন আছে৷ এখন সৰু চহৰত নিজৰ কর্মদক্ষতা আৰু সমাজ সচেতনমূলক চিন্তাধাৰাই চিকিৎসা সেৱাৰ লগতে মানৱ সেৱাৰ দৰে এক সঁচা নিদর্শন দাঙি ধৰা এই মহৎব্যক্তিজন আন দহজন চিকিৎসকৰ আদর্শ তথা অনুপ্রেৰণা হওক৷

You might also like