নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সফলতাৰ বাটত ঢকুৱাখনাৰ নৃপেন দত্ত

  • পুলকজ্যোতি বৰা, ঢকুৱাখনা

কর্মদক্ষতা থাকিলে যে জীৱনত সফলতা লাভ কৰিব পাৰি তাৰেই নিদর্শন দাঙি ধৰিছে ঢ়কুৱাখনাৰ এজন শিক্ষিত যুৱকে৷ যি সময়ত ৰাজ্যৰ শ শ নিবনুৱাই কর্ম সংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে সেই সময়তে ঢ়কুৱাখনাৰ ভলুকাগুৰিৰ সুদর্শন যুৱক নৃপেন দত্তই মীনপালনৰ জৰিয়তে জীৱনৰ ৰং বুটলাৰ উপৰি এই ৰং বিলাই দিছে সমগ্র ঢ়কুৱাখনা মহকুমাত৷ তেনেই নিঃস্ব অৱস্থাৰ পৰা অতি চালুকীয়াভাৱে মীনপালন আৰম্ভ কৰি নিষ্ঠা, সততা আৰু একাগ্রতাৰ বলত যুৱকজনে আজি যি সফলতাৰ নিদর্শন দেখুৱাইছে, সেয়া সকলোৰে বাবে অনুকৰণীয়৷ নিজ চেষ্টা উদ্যম–একাগ্রতা আৰু নিষ্ঠাৰে মীন পালনত ব্রতী হৈ যুৱকজনে স্বনিয়োজনৰ বাট প্রশস্ত কৰাৰ লগতে অঞ্চলটোৰ বুজন সংখ্যক শিক্ষিত নিবনুৱা যুৱক–যুৱতীৰ বাবে হৈ পৰিছে আদর্শৰ চানেকি৷ মীন পালনকে জীৱনৰ ব্রত হিচাপে গ্রহণ কৰা নৃপেন কলিতাই নিজৰেই ৫ বিঘা ভূমিত গঢ়ি তুলিছে এখন মীন পাম৷ চৰকাৰ অথবা মীন বিভাগৰ পৰা কোনোধৰণৰ সা–সুবিধা অবিহনেইব্যক্তিগত প্রচেষ্টাৰে ২০১৮ চনত মাত্র দুটা পুখুৰীত আৰম্ভ কৰা মীন পালনৰ জৰিয়তে প্রথম বছৰতে নৃপেনে লাভ কৰে আশাতীত সফলতা৷ এনে অপ্রত্যাশিত লাভে নৃপেনক দুগুণে উৎসাহিত কৰি ন উদ্যমেৰে কামত লগাৰ বাবে অনুপ্রাণিত কৰে৷ তেতিয়াই সংকল্প লৈছিল– ‘ময়ো এদিন আদর্শ মীনপালক হ’ম আৰু মীন পালনৰ জৰিয়তে প্রতিষ্ঠা কৰিব নিজৰ মর্যাদা’৷ যেনে সিদ্ধান্ত তেনে কাম৷ ইয়াৰ পিছতে সম্পূর্ণ ৫ বিঘা ভূমিত নতুন পুখুৰী খান্দি সম্প্রসাৰণ কৰে মীন পালন৷ এইদৰে নৃপেনে অব্যাহত ৰাখে জয়যাত্রা৷ উপার্জনো সমান্তৰালভাৱে বাঢ়ি যায় নৃপেনৰ৷ সম্প্রতি মীন পালনৰ জৰিয়তে যুৱকজনেবছৰি ৫–৬ লাখ টকা উপার্জন কৰে বুলি জানিবলৈ দিয়ে৷ পুখুৰীত সম্প্রতি ৰৌ, ভকুৱা, চিতল, ভাঙন, কাৱৈ, বামপ্লেট, কর্চ, কুঢ়ি, কমনকার্প, গ্রাছ কার্পৰ উপৰি থলুৱা বিভিন্ন প্রজাতিৰ মাছ সংৰক্ষণ তথা উৎপাদনত গুৰুত্ব দিছে৷ মীন পালনকে পেছা হিচাপে গ্রহণ কৰি এইজন যুৱকে প্রমাণ কৰি দিছে যে নিষ্ঠা, সততা, একাগ্রতা আৰু দূৰন্ত অভিলাসেৰে কর্মত অগ্রসৰ হ’লে প্রাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে৷ কর্ম সংস্থাপন বিচাৰিবহিঃৰাজ্যলৈ যোৱা বা হতাশাত ভুগি বিভিন্ন অসমাজিক কামত লিপ্ত হোৱাৰ বিপৰীতে এনেধৰণৰ ব্যতিক্রমী কামবোৰে সমাজৰ বাবেও এক নিদর্শন দাঙি ধৰিছে ৷

You might also like