নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজীয়া হৈ পৰিছে জাহাজানৰ বিস্তীর্ণ বাকৰি

  • শ্বাহ আলম আহমেদ, পূব নলবাৰী

দীর্ঘদিন ধৰি কৃষি কর্মত নিয়োজিত হৈ আহিছে একাংশ লোক৷ একমাত্র কৃষিৰ জৰিয়তে জীৱন নির্বাহ কৰি আহিছে এইসকল লোকৰ পৰিয়ালে পাচলিৰ খেতি কৰি চমক সৃষ্টি কৰা এই লোকসকল হ’ল নলবাৰী জিলাৰ ‘জাহা ‘গাঁওবাসী৷ বৃহত্তৰ বাঁহজানী মৌজাৰ অন্তর্গত এই ৰাজহ গাঁওখনৰ স্বৰাজোত্তৰ পূর্বৰে পৰা কৃষিৰ ক্ষেত্রত বেছ সুনাম আছে৷ গাঁওখনৰ একক–যৌথ পৰিয়ালে এইবেলিও শীতকালীন পাচলিৰ খেতি কৰি চমক সৃষ্টি কৰিছে৷ নদন–বদন হৈ উঠিছে বিঘাই–বিঘাই ওল কবি, বন্ধা কবি, ফুল কবি, বেঙেনা আদি বিভিন্ন পাচলিৰ খেতি৷ সেউজীয়া হৈ উঠিছে অখ্যাত জাহাজানৰ বিস্তীর্ণ বাকৰি৷ গাঁওখনৰ ধনেশ্বৰ ডেকা, দীপক ডেকা, খগেন ডেকা, চনেক মেধি, ৰমেন ডেকা, চণ্ডঘ ডেকা, নিৰেন ডেকা, সন্তো ডেকা, তৰণী ডেকা, সুবোধ ডেকা, ধীৰেণ ডেকা, সুৰথ ডেকা, গঞা ডেকা, মুকুল ডেকা, লংকেশ্বৰ ডেকা, প্রবীণ ডেকা, চন্দ্র ডেকা, ভগী ডেকা, কৰুণা ডেকা, নবীন ডেকা, চবিন ডেকা, নৰেন ডেকা, গণেশ ডেকা, অমল ডেকা আদি অনেকজন কৃষকে কবি খেতি কৰি আদর্শৰ বাট দেখুৱাইছে৷ উৎপাদিত পাচলিসমূহ তেওঁলোকে প্রতিবছৰে স্থানীয় মৰোৱা বজাৰ, যজ্ঞভূমি বজাৰ, বৰনর্দী বজাৰ, নলবাৰী বজাৰ আদি বজাৰত বিক্রী কৰি লাভান্বিত হৈ আহিছে৷ উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিৰ প্রতি আশাপালি নাথাকি কৃষি কর্মৰে স্বাৱলম্বী হোৱাৰ চেষ্টা চলাইছে গাঁওখনৰ বহুসংখ্যক যুৱকে৷ নৱবর্ষৰ পহিলা দিনটোৰ এক মাহেন্দ্র ক্ষণত এচাম কৃষকৰে হোৱা কথা–বতৰাত আক্ষেপ কৰামতে, চৰকাৰৰ কৃষি বিভাগে নিম্নতম সুবিধাখিনিও প্রদান কৰিব পৰা নাই৷ কৃষিৰ বাবে প্রয়োজনীয় পানীৰ সুবিধাখিনিও নাই৷ কৃষকসকলে জাহাজানৰ পানীকে নির্ভৰ কৰি পাচলিৰ খেতি কৰি আহিছে৷ সময়মতে পাচলি খেতিত পানী যোগান ধৰিব নোৱাৰা বাবে ফচল ক্রমশঃ হ্রাস পাই আহিছে৷ গাঁঠিৰ ধন ভাঙি কৃষকসকলে পাচলিৰ খেতি কৰি আহিছে যদিও, আগৰ দৰে লাভৱান হোৱা নাই৷বৰপেটাৰোড–খাৰুপে পৰা আমদানি হোৱা পাচলিয়ে থলুৱা পাচলিৰ বজাৰত মাধমাৰ শোধাইছে বুলিও আক্ষেপ কৰিছে গাঁওখনৰ এচাম কৃষকে৷ গাঁওখনৰ আদর্শ কৃষক ধনেশ্বৰ ডেকাই জানিবলৈ দিয়া মতে, কবি খেতি বিক্রী কৰি শেষ হোৱাৰ পিছত একেদৰা মাটিত জিকা, কোমোৰা, তিঁয়হ আদি বিভিন্ন পাচলি খেতিত ব্যস্ত হৈ পৰিব কৃষকসকল৷ অকল শাক–পাচলি তথা ৰবিশস্যৰ খেতিতেব্যস্ত নাথাকে এই কৃষকসকল৷ ধানখেতি উৎপাদনতো জাহা–বাঁহজানী অঞ্চলৰ কৃষকৰ এক সুকীয়া সুনাম আছে৷ শেহতীয়াভাৱে কর্মব্যস্ত গাঁওখনৰ বহুলোক মৎস্য পালনতো জডিত হৈ পৰা পৰিলক্ষিত হৈছে৷ গাঁওখনৰ প্রায়বোৰ পৰিয়াল শিক্ষিত হৈয়ো কৃষি কর্মত জডিত হোৱাটো নিঃসন্দেহে প্রশংসনীয়৷ এই প্রচেষ্টা অব্যাহত থাকক৷ তাৰে কামনাৰে ৷

You might also like