নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্ব–মহিমাৰে উজলিছে ধর্মপুৰৰ বর্ণি বালক বিদ্যালয়

অৰূপ ৰঞ্জন বর্মন, নলবাৰী

ফোনঃ ৯৮৬৪১–৩৯৯৩৮

যিটো সময়ত শিক্ষার্থীৰ অভাৱত ৰাজ্যৰ বহু চৰকাৰী শিক্ষানুষ্ঠান ইতিমধ্যে মৃত্যুমুখত পৰাৰ লগতে আন একাংশ শিক্ষানুষ্ঠানে মৃত্যুৰ ক্ষণ গণিব লগা হৈছে, তেনে সময়তে নলবাৰীৰ এখন চৰকাৰী শিক্ষানুষ্ঠান স্ব–মহিমাৰে উজলি উঠা পৰিলক্ষিত হৈছে৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ দপদপনিত যোৱা কেইটামান বছৰৰ ভিতৰত নলবাৰী জিলাৰ বহুকেইখন প্রাথমিক বিদ্যালয় বন্ধ হৈ পৰাৰ বিপৰীতে জিলাখনৰ এই ব্যতিক্রমী শিক্ষানুষ্ঠানখন হৈছে ধর্মপুৰ সমষ্টিৰ বৰক্ষেত্রী–বর্ণি গাঁৱৰ ১৭৪ নম্বৰবর্ণি বালক প্রাথমিক বিদ্যালয়৷ প্রায় ১২০গৰাকী ছাত্র–ছাত্রী থকা শিক্ষানুষ্ঠানখনে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লগত ফেৰ মাৰি চৰকাৰী খণ্ডৰ শিক্ষাখণ্ডলৈ এক ইতিবাচকবার্তা কঢ়িয়াই আনিছে৷ বিগত সময়ৰ গুণোৎসৱত দুবাৰকৈ (+) গ্রেড পোৱা শিক্ষানুষ্ঠানখনৰ প্রধান শিক্ষয়িত্রী হাজেৰা বেগমে জানিবলৈ দিয়া মতে, সম্প্রতি বিদ্যালয়খনত তেওঁকে ধৰি পাঁচগৰাকী শিক্ষক–শিক্ষয়িত্রী আছে৷ শিক্ষক–শিক্ষয়িত্রীকে হ’ল মখতাৰ হুছেইন, গোপাল মালাকৰ, মইনুদ্দিন আহমেদ আৰু সদানন্দ দাস৷ মন কৰিবলগীয়া এয়ে যে সেইখন গাঁৱৰে অখিল বর্মন নামৰ এগৰাকী নিষ্ঠাৱান শিক্ষকে বহুবছৰ ধৰি শিক্ষানুষ্ঠানখনত বিনাবেতনে শিক্ষাদান কৰি আছে৷ অৱশ্যে প্রধান শিক্ষয়িত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে সমূহ শিক্ষকে মাহেকত এটা মাননী হিচাপে কিছু টকা তেওঁক দি আহিছে, য’ত শিক্ষক–শিক্ষয়িত্রীস মহানুভৱতাৰ পৰিচয় দি উজ্জ্বল নিদর্শন দাঙি ধৰিছে৷ স্থানীয় সচেতন ৰাইজে জানিবলৈ দিয়া মতে, ১৮৯০ চনতে স্থাপিত উক্ত বিদ্যালয়খনে বৃহত্তৰ অঞ্চলটোত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ কিয়নো যিটো সময়ত অভিভাৱকসকলে নিজৰ ল’ৰা–ছোৱালীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভর্তি কৰাবলৈ আৰম্ভ কৰিছে, তেনে সময়তে অকল উক্ত গাঁওখনৰে নহয়, সমীপৰ দুই–তিনিখন গাঁৱৰ লৰা–ছোৱালীক তাত বুনিয়াদী শিক্ষা গ্রহণৰ বাবে নামভর্তি কৰাই দিছে অভিভাৱকসকলে৷ বিশেষকৈ বিল্বেশ্বৰ, বাটসৰ,বৰক্ষেত্রী–বর্ণি গাঁৱকে ধৰি কৈৱর্ত,বজিলাপাৰা, খামচাপাৰা, নদিলাপাৰা আদি চুবুৰিৰ পৰা ল’ৰা–ছোৱালীয়ে শিক্ষা গ্রহণ কৰিবলৈ আহে৷ যিটো হয়তো আনবহুতো চৰকাৰী খণ্ডৰ বিদ্যালয়ত দেখা নাযায়৷ এইক্ষেত্রত বিদ্যালয়খনৰ প্রধান শিক্ষয়িত্রী তথা শিক্ষক–শিক্ষয়িত্রীস ঐকান্তিক প্রচেষ্টাৰ বাবে বিদ্যালয়খনে এনে স্থান পাবলৈ সক্ষম হোৱাবুলি একাংশ অভিভাৱকে জানিবলৈ দিছে৷ পকী ঘৰ, ফুলৰ বাগিচাৰে সুশোভিত বিদ্যালয়খনত ছাত্র–ছাত্রীসকলে সম্পূর্ণ এক নৈসর্গিক পৰিৱেশৰ মাজত অধ্যয়ন কৰে৷ প্রতিবছৰে অনুষ্ঠিত হোৱা বার্ষিক অধিৱেশনত স্কুলৰ সকলো শিক্ষার্থীয়ে অংশ লয়৷ আনহাতে প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থীয়ে সমৱেশ পৰিধান কৰি বিদ্যালয়লৈ অহাটো এটা গুৰুত্বপূর্ণ দিশ৷ ইপিনে চতুর্দশ বিত্তীয় আয়োগৰ অধীনত বিদ্যালয়খনৰ পুথিভঁৰালৰবাবে শেহতীয়াভাৱে চৰকাৰে ২ লাখ টকাৰ অনুদান আগবঢ়াইছে৷ পুথিভঁৰালটোত এতিয়া প্রায় ৩০০খন কিতাপ আছে৷ মুঠতে নৱবর্ষৰ চৰকাৰী খণ্ডৰ এই বিদ্যালয়লয়খনে নিঃসন্দেহে আশাৰ বার্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

You might also like