নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাভা হাছঙৰ দামৰাত কাশ্মীৰী বগৰীৰ খেতিৰে স্বাৱলম্বী শিক্ষিত যুৱক

  • বেনজিন বড়ো, দুধনৈ 

ৰাভা হাছঙৰ দুধনৈ নৈৰ পাৰত কৃষি কর্মৰে সেউজ বিপ্লৱৰ সূচনা কৰি জীৱিকাৰ সপোন ৰচিছে দুধনৈ দামৰাৰ তিনি যুৱকে৷ শিক্ষিত হৈও চাকৰিৰ পিছে পিছে দৌৰি নাথাকি কৃষি কর্মৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে ৰাভা হাছঙৰ এই তিনি সংগ্রামী যুৱকে৷ চাকৰি বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত কৃষক গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আব্দুল হালিমৰ সান্নিধ্যলৈ আহে এই তিনিগৰাকী শিক্ষিত যুৱক৷ আব্দুল হালিমৰ পৰামর্শৰে কাশ্মীৰী আপেলসদৃশ ৰঙা আৰু সেউজীয়া থাইলেণ্ড বগৰীৰ খেতিৰে স্বাৱলম্বিতাৰ সপোনক বাস্তৱায়িত কৰাৰ পথ বিচাৰি পালে৷ ‘মন কৰিলেই চন’– সময় নষ্ট নকৰি কামত লাগি গ’ল তিনিও উদ্যমী যুৱক অশোক ৰাভা, অসীম ৰাভা আৰু কুলদেৱ ৰাভাই৷ মাত্র এবছৰ আগৰ কথা৷ দুধনৈ নদীৰ পাৰত ছন পৰি থকা সাত বিঘা মাটিত এইবিধ খেতি কৰিবলৈ সু–পৰিকল্পনাৰে সাৰ–পানীৰ ব্যৱস্থা কৰি মাটি প্রস্তুত কৰি উলিয়ালে৷ কৃষক আব্দুল হালিমৰ পৰামর্শ লৈ পশ্চিমবংগৰ পৰা উন্নতমানৰ থাইলেণ্ড বগৰী গছৰ প্রায় সাতশ পুলি আনি ৰোপণ কৰিলে৷ সাৰ–পানী যোগান ধৰাৰ লগতে মৰমেৰে যতন লোৱাত বছৰ সম্পূর্ণ নৌহওঁতেই লহপহকৈ ডাঙৰ হোৱা বগৰি গছকেইজোপাত লমালমে ডাল ভৰি বগৰী লাগিবলৈ ধৰিলে৷ ৰ’দত পিঠি পুৰি কপালৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ সুন্দৰ ফল দেখি আনন্দত আত্মহাৰা হৈ পৰিল তিনি যুৱক৷ যোৱা জানুৱাৰী মাহতে সেউজীয়া ৰঙৰ বগৰীবোৰ বিক্রীৰ বাবে উপযোগী হৈ পৰিল৷ আনহাতে কাশ্মীৰী আপেলৰ লগত সংযোগ ঘটাই প্রথমবাৰৰ বাবে কৰা আপেলসদৃশ ৰসাল আৰু মিঠা বগৰীবিধ চলিত মাহৰ পৰাই বিক্রী কৰিবলৈ লৈছে৷ তিনিওগৰাকী যুৱকে জনোৱা মতে, এই বগৰীৰ বাগানখনৰ কথা সংবাদ মাধ্যমযোগে ৰাইজে গম পাই ঢ়াপলি মেলিছে বাগানখনলৈ৷ বাগানলৈ আহি বগৰী খায়ো চাইছে, লগতে বগৰীকেইজোপাৰ লগত ছেল্ফিও উঠিছে৷ লখিমী নিজেই আহিছে তেওঁলোকৰ ঘৰলৈ৷ উল্লেখ্য যে আজিলৈ তেওঁলোকে বজাৰত বিক্রীৰ বাবে বগৰী নিব লগা হোৱা নাই৷ বাগানখন চাবলৈ অহা মানুহে বগৰী কিনি লৈ যোৱাৰ উপৰি বেপাৰীসকলে বাগানৰ পৰাই কিনিবলৈ আৰম্ভ কৰিছে৷ আৰম্ভণিতে চাৰিশ টকাৰ পৰা পাঁচশ টকা খৰচ পৰা প্রতিজোপা বগৰীয়ে দিনে ২০ৰ পৰা ৩০ কিলোকৈ বগৰী দিয়ে৷ সেউজীয়া বগৰীবিধৰ দাম প্রতি কিলোত ৫০ টকা আৰু আপেলসদৃশ বগৰীবিধ কিলোত ১০০ৰ পৰা ১২০ টকাকৈ বিক্রী কৰি আছে৷ তিনিওগৰাকী যুৱকে আমাক কোৱা মতে, এইবিধ খেতিত আন খেতিতকৈ তুলনামূলকভাৱে কষ্ট কম৷ এইবাৰ তেওঁলোকে বগৰীৰ ডালবোৰ কাটি দিব অহা বছৰ অধিক উৎপাদন পাবৰ বাবে৷ এই খেতিৰ জৰিয়তে উৎসাহিত হৈ এইবাৰ তেওঁলোকে অধিক বগৰী গছ ৰোপণৰ পৰিকল্পনা কৰাৰ লগতে উন্নত জাতৰ মধুৰি আম আৰু মৌচুম্বীৰ গছ ৰুইছে৷ এইক্ষেত্রত দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্রৰ কৃষি বিজ্ঞানীসকলে তেওঁলোকক দিহা– পৰামর্শৰে যথেষ্ট সহায়–সহযোগিতা আগবঢ়াইছে বুলি ক’লে তিনিও যুৱকে৷ তেওঁলোকে শিক্ষিত নিবনুৱা যুৱক–যুৱতীসকলে কৃষি কর্মৰেও যে আর্থিকভাৱে লাভৱান হৈ সুখী জীৱন গঢ়িব পাৰে, তাকেই দেখুৱাইছে নৱ প্রজন্মক৷ নিজৰ নামৰ আগত ডাক্তৰ বা ইঞ্জিনীয়াৰ লিখাৰ দৰে কৃষক বুলি লিখিব পৰাটোৱে সৌভাগ্যৱান বুলি ভাবে৷ তেওঁলোকে যুৱ প্রজন্মক চাকৰিৰ পিছত দৌৰি নাথাকি কৃষি কর্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷

ফোন – ৯৭০৬৬৩৮৬১৫

You might also like