নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাই মাহত দেশজুৰি আৰম্ভ হ’ব মানৱ দেহত ক’ৰোনা ভেকচিনৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১জুলাইঃ দেশৰ প্ৰথম ক’ৰোনা ভাইৰাছৰ ভেকচিন ক’ভাক্সিন মানৱ দেহত পৰীক্ষণৰ অনুমোদন জনালে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া চি ডি এছ চি অ’ই ।

ঘাতক কভিড ১৯ ৰ ভেকচিন উদ্ভাৱন কৰাৰ বাবে বিশ্বজুৰি ২০০ তকৈ অধিক সংস্থাই অহৰহ কাম কৰি থকাৰ মাজতে হায়দৰাবাদস্থিত ভাৰত বায়টেকৰ ক’ভাক্সিনে মানৱ শৰীৰত পৰীক্ষণৰ অনুমতি লাভ কৰিলে ।

এই অনুমোদনৰ পাছতেই কোম্পানীটোৱে মানৱ শৰীৰত পৰ্যায়-১ আৰু পৰ্যায়-২ ত পৰীক্ষণ কৰিব পাৰিব । ইপিনে এই অনুমোদনৰ পাছতেই ক’ভাক্সিনৰ মানৱ শৰীৰত পৰীক্ষণ জুলাই মাহত দেশজুৰি আৰম্ভ হ’ব ।

উল্লেখ্য যে ভৰত বায়’টেকৰ উপৰি ভাৰতৰ আন ৫ তাকৈ কোম্পানীয়ে ভেকচিন উদ্ভাৱনৰ কাম কৰি আছে ।

You might also like