নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড চিকিৎসাৰ নতুন ঔষধ ফেভিপিৰাভিৰ; কিমান হ’ব এটা টেবলেটৰ দাম ?

নিয়মীয়া বাৰ্তা, ২১ জুনঃ মানৱ জাতিক ত্রাসৰ মাজত ৰখা মহামাৰী ক’ভিড–১৯ ৰ শুশ্রূষাৰ ক্ষেত্রত ৰাছিয়া, জাপান আৰু চীনত যথেষ্ট সফল হোৱা ‘ফেভিপিৰাভিৰ’ ঔষধবিধ এইবাৰ ভাৰততো ক’ৰোনা ভাইৰাছ আক্রান্তৰ চিকিৎসাত ব্যৱহাৰ কৰা হ’ব৷ গ্লেনমার্ক ফার্মাচিউটিকেলক ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্রয়োজনীয় এই ঔষধ ‘ফেভিপিৰাভিৰ’ প্রস্তুত আৰু মার্কেটিঙৰ বাবে অনুমোদন জনালে ভাৰতে৷

  ক’ভিড–১৯ শুশ্রূষাৰ বাবে প্রথমবাৰৰ বাবে ভাৰতে অ’ৰেল ফেভিপিৰাভিৰ প্রস্তুত আৰু মার্কেটিঙত অনুমোদন জনোৱাৰ লগে লগে এই ঔষধবিধৰ দ্বাৰা ক’ভিড ৰোগীৰ চিকিৎসা আগবঢ়োৱা হ’ব৷ জৰুৰীকালীন শিতানত কোম্পানীটোক এই ঔষধবিধ প্রস্তুত আৰু মার্কেটিঙত অনুমোদন জনোৱা হৈছে৷

  উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চে (আই চি এম আৰ) গ্লেনমার্কক এই ঔষধ প্রস্তুতৰ সেউজ সংকেত দিছে৷ আজি সন্ধিয়াৰে পৰা এই ঔষধবিধ উপলব্ধ হ’ব৷ ৭–১০ দিনৰ ভিতৰত সমগ্র দেশতেই এই ঔষধবিধ মুকলি বজাৰত ক্রয় কৰিব পাৰিব৷ ঔষধবিধৰ ৩৪টা টেবলেটৰ মূল্য ৩,৫০০ টকা৷ অর্থাৎ প্রতিটো টেবলেটৰ মূল্য ১০৩ টকা৷ প্রতিটো টেবলেট হ’ব ২০০ মিলিগ্রামৰ৷ ঔষধবিধ হাস্পতাল আৰু ফার্মাচীত চিকিৎসকৰ প্রেছক্রিপচন লৈহে বিক্রী কৰিব পাৰিব৷ উল্লেখ্য যে এই ঔষধবিধ মৃদু আৰু মজলীয়া লক্ষণ থকা ৰোগীৰ ক্ষেত্রতহে ব্যৱহাৰ কৰা হ’ব৷ দেশৰ ক’ভিড আক্রান্ত ৰোগী ৭০ৰ পৰা ৮০ শতাংশৰে লক্ষণ মৃদু আৰু মজলীয়া৷

You might also like