নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসেৱা আয়োগত ৩৩১ পদত মকৰল, ১০ অক্টোবৰৰ ভিতৰত আবেদন আহ্বান

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসম লোকসেৱা আয়োগে ৩৩১ পদৰ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ মুঠ খালী পদ ৩৩১টাৰ ভিতৰত অ’চি ১২১টা, অ’বিচি/এম’বিচি/ ৯২টা, এছ চি ২০টা, এছ টি–পি ৩৮টা, এছ টি এইচ ১৭টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থিৰ বাবে ৪৩টা পদ সংৰক্ষিত থাকিব৷

আয়োগৰ সচিবে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Assam Civil Service (121), Assam Police Service (69) & Superintendent of Texes (6), District-Transport Officer (5), Labour Inspector (18),  Inspector of Texes (27), Inspector of Excise (7), Blcok Development Officer (33), Asstt. Employment officer (4), Sub-Registrar (31) আৰুAssistant Manager of Industries (10)৷

উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ৩০,০০০–১,১০,০০০ টকাসহ ১৩,৩০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ ২২,০০০–৯৭,০০০ টকাসহ ১১,৫০০ টকাৰ গ্রেড পে’ লাভ কৰিব আৰু ২২,০০০–৯৭,০০০ টকাসহ ১০,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ ২২,০০০–৯৭,০০০ টকাসহ ৯,১০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

আবেদন মাচুল হিচাপে অনলাইন মাধ্যমেৰে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থিয়ে ২৮৫.৪০ টকা, এছ চি, এছ টি, অ’বিচি আৰু এম অ’বিচি শ্রেণীৰ প্রার্থিয়ে ১৮৫.৪০টকা, দাৰিদ্র্য সীমাৰেখাৰ তলৰ শ্রেণীৰ প্রার্থীয়ে ৩৫.৪০ টকা, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে ৩৫.৪০ টকা এপিএছচিৰ হকে পৰিশোধ কৰিব লাগিব৷

বয়স ১ জানুৱাৰী ২০২০ লৈ ২১–৩৮ বছৰ৷ বয়সৰ উর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপনৰ বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, নিযুক্তি প্রক্রিয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://apscrecruitment.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ অক্টোবৰ ২০২০৷

You might also like