নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলক লৈ উত্তেজনাঃ অৰুণাচলী লোকৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ তথা লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ পথালিপাম বন খণ্ডৰ দুলুং সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ বেদখল লৈ সৃষ্টি হোৱা উত্তেজনা অব্যাহত আছে । অসম চৰকাৰৰ নিৰ্দেশত বনাঞ্চলতখনত নিৰ্মাণ হোৱা সীমান্ত আৰক্ষী চকী নিৰ্মাণকাৰ্য বাধা দি উক্ত স্থানলৈ যোৱা পথ বন্ধ কৰি অৰুণাচলী লোকে হাতত মাৰণাস্ত্র লৈ অৰুণাচল প্রদেশৰ আৰক্ষী–প্রশাসনৰ সহযোগত কালি সৃষ্টি কৰা উত্তেজনাময় পৰিস্থিতিৰ পাছতেই উক্ত বিবদমান ভূমিক লৈ দুয়ো ৰাজ্যৰ উপায়ুক্ত পর্যায়ৰ এখন বৈঠক আজি অনুষ্ঠিত হয়৷ পুৱা ১০ বজাত লখিমপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, কদম ৰাজহ চক্রৰ চক্র বিষয়া আৰু অৰুণাচল প্রদেশৰ কামলে জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু চক্র বিষয়াসকলে অসম–ৰুণাচল প্রদেশ সীমান্তৱর্তী দুলুংমুখত অৱস্থিত বায়ুসেনাৰ প্রশিক্ষণ শিবিৰত মিলিত হৈ বিবদমান ভূমিক লৈ এক বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকতে বিবদমান ভূমিক লৈ দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মাজত যাতে পুনৰ উত্তেজনা সৃষ্টি নহয়, তাৰ বাবে এখন জিলা পর্যায়ৰ শান্তি সমিতি গঠন কৰাৰ লগতে সীমা সমস্যাৰ সমাধান নোহোৱাপর্যন্ত বিবদমান ভূমিত দুয়োখন ৰাজ্যৰ জিলা প্রশাসনে তদাৰক কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথা জানিব পৰা গৈছে৷ ইয়াৰ পাছতেই দিনৰ ২ বজাত কদম ৰাজহ চক্রৰ কার্যালয়ত এই বিষয়ক লৈ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভিন্ন দল–সংগঠনৰ নেতা–কর্মী আৰু স্থানীয় ৰাইজৰ মাজত এক আলোচনা অনুষ্ঠিত হয়৷ বগীনদী অঞ্চলৰ আছু, আগছু, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত আলোচনাকালত উপায়ুক্ত ডাঃ জীৱন বিয়ে জানিবলৈ দিয়া মতে, বর্তমান সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ গোচৰ আদালতত বিচাৰাধীন হৈ আছে৷ সেয়ে যেতিয়ালৈকে আদালতে এই বিষয়ক লৈ কোনো ৰায় নিদিয়ে, তেতিয়ালৈকে ৰাজ্য চৰকাৰে বা জিলা প্রশাসনে বর্তমানে উত্তেজনা সৃষ্টি কৰা বিবদমান ভূমিক লৈ কোনো সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে৷ তাৰ পৰিৱর্তে সীমান্ত অঞ্চলত শান্তি–সম্প্রীতি বর্তাই ৰখাৰ ক্ষেত্রত জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব৷ ইয়াৰ লগতে অৰুণাচল প্রদেশ চৰকাৰৰ লগত আলোচনামর্মে বিবদমান ভূমিত সীমান্ত আৰক্ষী চকী স্থাপন কৰা, বিবদমান ভূমিত অৰুণাচলী লোকে নির্মাণ কৰা ঘৰ–দুৱাৰ, অনুষ্ঠান–প্রতিষ্ঠান আৰু চাহখেতি উচ্ছেদ কৰা আৰু স্থানীয় ৰূপহী–ৰাজগড অঞ্চলৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্রতিশ্রুতি দিয়ে৷ সীমান্তত উত্তেজনা সৃষ্টি হোৱাৰ পাছতে সশস্ত্র অৰুণাচলী লোকে সীমান্তৱর্তী অসমীয়া ৰাইজৰ ঘৰ জ্বলাই দিয়াৰ লগতে গুলীয়াই মৰাৰ ভাবুকি দিয়া বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে৷ আলোচনাকালতে দল–সংগঠনৰ নেতৃত্বই অঞ্চলটোত সৃষ্টি হোৱা সীমা বিবাদক লৈ চুবুৰীয়া ৰাজ্যৰ চৰকাৰ–প্রশাসনে যিমান সক্রিয়তাৰে অৰুণাচলী ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ তুলনাত অসম চৰকাৰ তথা প্রশাসনে তেনে তৎপৰতা প্রদর্শন কৰা পৰিলক্ষিত হোৱা নাই বুলি প্রশ্ণ কৰাত, উপায়ুক্তই এইটো চীন–ভাৰতৰ সীমা সমস্যা নহয় বুলি তাৎপর্যপূর্ণ মন্তব্য দিয়া পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে কিন্তু কামলে জিলাৰ উপায়ুক্তই লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতে ৰূপহী–ৰাজগড আলিৰ পৰা উত্তৰ–পশ্চিম সীমান্তৰ দুলুং বনাঞ্চলৰ সমস্ত ভূমিভাগ অৰুণাচল প্রদেশৰ অন্তর্গত বুলি দাবী কৰে৷ কামলে জিলাৰ উপায়ুক্তগৰাকীৰ দাবী নস্যাৎ কৰি স্থানীয় ৰাইজ আৰু জিলা বন বিভাগে জানিবলৈ দিয়া মতে, ১৯৩৬ চনৰ জৰীপত দুলুং বনাঞ্চলৰ সম্পূর্ণ ভূমি লখিমপুৰ জিলাৰ অন্তর্গত বুলি লিখিত আছে৷ বর্তমানে ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনৰ দুর্বলতাৰ বাবেই এনেদৰে অসমৰ চাৰিসীমাত চুবুৰীয়া ৰাজ্যই বেদখল কৰি আগ্রাসনৰ সুযোগ লৈছে বুলি তীব্র অসন্তুষ্টি প্রকাশ কৰে স্থানীয় ৰাইজে৷ ইয়াৰ লগতে যদি অনাগত পোন্ধৰ দিনৰ ভিতৰত অসম চৰকাৰে উক্ত স্থানত সীমান্ত আৰক্ষী চকী নির্মাণ কৰিব নোৱাৰে, তেনেহ’লে অসম চৰকাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ লগতে আগ্রাসনকাৰী অৰুণাচলী লোকৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ দিছে স্থানীয় দল–সংগঠনে৷

You might also like