নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহূত পাঁচ অৰুণাচলীক ভাৰতীয় সেনাক গতালে বেইজিঙে

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ  অৱশেষত ভাৰতৰ ওচৰত সেও মানিলে ৰঙা চীনে৷ পিপল্ছ লিবাৰেচন আর্মীয়ে (পি এল এ) অপহৰণ কৰি নিয়া পাঁচ অৰুণাচলী যুৱকক শনিবাৰে ভাৰতক প্রত্যর্পণ কৰিছে বেইজিঙে৷ ভাৰতীয় সেনাবাহিনীয়ে নিশ্চিত কৰা অনুসৰি অপহূত পাঁচ অৰুণাচলী যুৱকক কালি পুৱা অৰুণাচল প্রদেশৰ অ’নজাও জিলাৰ কিবিথু প’ষ্টত পুৱা ৯.৩০ বজাত পি এল এই ভাৰতীয় সেনাক গতাই দিয়ে৷ অপহূত যুৱককেইজনক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ পাছত ভাৰতীয় সেনাই ঘৰলৈ যাবলৈ অনুমতি প্রদান কৰিব৷

উল্লেখ্য যে সীমান্তত উত্তেজনা তীব্রতৰ হৈ উঠাৰ সময়তে অৰুণাচল প্রদেশৰ আপাৰ সোৱণশিৰি জিলাৰ অন্তর্গত নাছো চক্রৰ ‘ছেৰা–৭’ পেট্র’লিং পইণ্টৰ পৰা যুৱককেইজনক চীনা সৈন্যই অপহৰণ কৰি নিছিল৷ অৱশ্যে সেই সময়ত আন দুজন যুৱকে সুযোগ বুজি চীনা সৈন্যৰ কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হৈছে৷ অপহূত যুৱককেইজনৰ নাম হ’ল– টছ ছিংকাম, প্রসাট ৰিংলিং, ড’ংটু ইবিয়া, টনু বাকেৰ আৰু নগ্রু ডিৰি৷ যুৱককেইজনৰ অপহৰণৰ তথ্য সদৰী কৰি যোৱা পাঁচ ছেপ্ঢেম্বৰত পশ্চিম পাছিঘাট বিধানসভা সমষ্টিৰ কংগ্রেছ বিধায়ক নিনোং ইৰিঙে এক টুইট কৰাৰ পাছতে সমগ্র দেশতে সৃষ্টি হৈছিল চাঞ্চল্য৷

লক্ষণীয়ভাৱে ভাৰতীয় সেনাবাহিনীয়ে এক হটলাইন মেছেজ প্রেৰণ কৰি পি এল এৰ পৰা অপহূত যুৱককেইজনৰ তথ্য বিচাৰিছিল যদিও চীনৰ বৈদেশিক মন্ত্রালয়ে এই সম্পর্কত কোনো ধৰণৰ মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত চীনৰ ভূখণ্ডত প্রৱেশ কৰাৰ বাবে যুৱককেইজনক আটক কৰা বুলি জানিবলৈ দিছিল পি এল এই৷

সমগ্র বিষয়টোক লৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে কালি কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজুৱে এক টুইটযোগে যুৱককেইজনক প্রত্যর্পণ কৰাটো চীনা সৈন্যই ভাৰতীয় সেনাবাহিনীক নিশ্চিত কৰা বুলি জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা অপহূত যুৱককেইজনক চিকাৰী বুলি কোৱা হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে পৰিয়ালে দাবী কৰিছিল যে যুৱককেইজন ভাৰতীয় সেনাৰ ‘প’টাৰ’ হিচাপে কাম কৰিছিল৷ অর্থাৎ তেওঁলোক নিয়োজিত আছিল সীমান্তলৈ ভাৰতীয় সেনাৰ ৰচদ–পাতি কঢ়িয়াই নিয়াৰ কামত৷

সংবাদ প্রতিষ্ঠানৰ আগত স্থানীয় সূত্রই সদৰী কৰা অনুসৰি সীমান্তৱর্তী এলেকাৰ বহু যুৱকেই ভাৰতীয় সেনা আৰু আই টি বি পিৰ ‘প’টাৰ’ হিচাপে কাম কৰে৷ সেই কাম শেষ হোৱাৰ পাছত একাংশই গভীৰ জংঘলত চিকাৰ অথবা ভেষজ সংগ্রহৰ বাবে প্রৱেশ কৰে৷ দীর্ঘদিন ধৰি ‘গুম্বা’ নামৰ এবিধ ভেষজ ব্যৱহাৰ কৰে সীমান্তৱর্তী স্থানীয় লোকসকলে৷ হয়তো এই ভেষজ সংগ্রহৰ বাবেই অপহূত পাঁচ যুৱকেও মেকমোহন লাইনৰ ওচৰ চাপি গৈছিল৷ যি কি নহওক, যুৱককেইজনক ভাৰতীয় সেনাবাহিনীৰ হাতত বেইজিঙে গতাই দিয়াৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হোৱা উৎকণ্ঠাৰ অৱসান ঘটিল৷

You might also like