নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিল্লীত মুইভা–গৃহ মন্ত্রালয়ৰ গুৰুত্বপূর্ণ বৈঠক

এনএছচিএন(আই–এম)ৰে কেন্দ্রৰ আলোচনা

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ নগা বিদ্রোহী সংগঠন এন এছ চি এন (আই–এম)ৰে কেন্দ্রীয় চৰকাৰৰ শান্তি আলোচনা প্রক্রিয়াই নতুন গতি লাভ কৰিছে৷ দীর্ঘদিনীয়া নগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ লক্ষ্যৰে আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব এখন গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকত এন এছ চি এন (আই–এম)ৰ ফালৰ পৰা সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ নেতৃত্বত এটা দলে অংশ লোৱাৰ বিপৰীতে কেন্দ্রীয় চৰকাৰৰ হৈ গৃহ মন্ত্রালয়ৰ শীর্ষস্থানীয় বিষয়াৰ দলে অংশগ্রহণ কৰাৰ কথা৷ এন এছ চি এনৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি বৈঠকত উপস্থিত থাকিব শান্তি আলোচনাৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়েও৷ প্রধানতঃ যিবোৰ বিষয়ক লৈ শান্তি আলোচনা প্রক্রিয়াত স্থবিৰতাৰ সৃষ্টি হৈছিল, সেইবোৰেই আজিৰ বৈঠকত স্থান পোৱাৰ সম্ভাৱনা আছে বুলি সূত্রটোৰ দাবী৷ উল্লেখ্য যে এন এছ চি এন (আই–এম) আৰু চৰকাৰৰ মাজত ১৯৯৭ চনতে শান্তি আলোচনাৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ ২০১৫ চনৰ ৩ মে’ত দুয়োপক্ষৰ মাজত স্বাক্ষৰিত হয় ফ্রেমৱর্ক এগ্রিমেণ্ট৷ বিগত সময়ছোৱাত নগা শান্তি আলোচনা প্রক্রিয়াক লৈ ব্যাপক চর্চা অব্যাহত থাকিলেও বিষয়টো ফলপ্রসূ সমাধান সূত্র ওলোৱা নাই৷ ইয়াৰ মাজতো অতি শেহতীয়াকৈ যোৱা ১৪ জুলাইত শান্তি আলোচনা প্রক্রিয়াৰ অন্যতম অংশীদাৰ নগা নেচনেল পলিটিকেল গ্রুপ (এন এন পি জি)ৰে ডিমাপুৰত মধ্যস্থতাকাৰী আৰ এন ৰবি বৈঠকত মিলিত হয়৷ এন এন পি জিৰ সূত্রই সদৰী কৰা মতে, শেহতীয়া এই বৈঠকখন ইতিবাচক আছিল৷ এন এন পি জিৰ পাছত যোৱা ১৭ জুলাইত এন এছ চি এন (আই–এম)ৰ সৈতেও মধ্যস্থতাকাৰী আৰ এন ৰবি বৈঠকত বহাৰ কথা আছিল যদিও মূৰকত সেয়া বাতিল হয়৷ প্রধানতঃ এন এছ চি এন (আই–এম)ৰ সাধাৰণ সম্পাদক মুইভা শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পৰিপ্রেক্ষিতত গুৰুত্বপূর্ণ এই বৈঠকখন বাতিল হোৱা বুলি কোৱা হৈছে৷ ইয়াৰ পাছতে যোৱা ২০ জুলাইত পত্নী আৰু আন সাতজন ব্যক্তিসহ মুইভাই চার্টার্ড বিমানযোগে উৰা মাৰে নতুন দিল্লীলৈ৷ সম্প্রতি বিদ্রোহী নেতাজন নতুন দিল্লীতে বাহৰ পাতি আছে৷ ইফালে, কাইলৈৰ বৈঠকৰ পাছত সকলো ঠিকে–ঠাকে থাকিলে অহা ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱসৰ দিনাই বহুচর্চিত নগা শান্তি চুক্তি সন্দর্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি এন এছ চি এন (আই–এম)ৰ সূত্রটোৱে জানিবলৈ দিয়ে৷

You might also like