নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগা শান্তি আলোচনাৰ দায়িত্ব ড০ শর্মা–ৰি’ক, এনএছচিএন–আৰ এন ৰবিৰ সংঘাতৰ মাজতে কেন্দ্রৰ তৎপৰতা

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ বহু প্রতীক্ষিত নগা শান্তি চুক্তিয়ে নগা জনগণৰ সার্বভৌম অধিকাৰক স্বীকৃতি প্রদানৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কিয়নো প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত বিগত ২০১৫ চনৰ তিনি আগষ্টত এন এছ চি এন (আই–এম)–কেন্দ্রীয় চৰকাৰৰ মাজত স্বাক্ষৰিত ফ্রেমৱর্ক এগ্রিমেণ্টত নগাৰ সার্বভৌম অধিকাৰক স্বীকৃতি প্রদান কৰা হৈছিল৷ ফ্রেমৱর্ক এগ্রিমেণ্ট স্বাক্ষৰ হোৱাৰ ঠিক পাঁচ বছৰৰ পাছত যোৱা ১১ আগষ্টত খোদ এন এছ চি এন (আই–এম)ৰ তৰফৰ পৰা ইয়াৰ বিষয়বস্তু ৰাজহুৱা কৰা হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ লগে লগে নতুন মোৰ লৈছে নগা শান্তি আলোচনা প্রক্রিয়াই৷ ইয়াৰ মূলতে মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ সৈতে এন এছ চি এন (আই–এম)ৰ প্রত্যক্ষ সংঘাত৷ ফ্রেমৱর্ক এগ্রিমেণ্টৰ দোহাই দি এন এছ চি এন (আই–এম)–এ এতিয়া নাগালেণ্ডৰ আংশিক সার্বভৌমত্বৰ চর্তত আলোচনাৰ দাবীৰে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটাত আঁকোৰগোজ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে নগা বিদ্রোহী সংগঠনটোৱে সংবিধান বহির্ভূতভাৱে শান্তি আলোচনাত অহেতুক জটিলতাৰ সৃষ্টি কৰি থকা বুলি শেহতীয়াকৈ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে এন এছ চি এন (আই–এম)ৰ বিৰুদ্ধে বিষোদ্গাৰ প্রকাশ কৰিছিল৷ ইয়াৰ পাছতেই যোৱা ১১ আগষ্টত এক বিবৃতিযোগে আৰ এন ৰবিৰ বিষোদ্গাৰ তথা অভিযোগৰ প্রত্যুত্তৰ দি এন এছ চি এন (আই–এম)এ ২০১৫ চনৰ তিনি আগষ্টত সম্পাদিত ফ্রেমৱর্ক এগ্রিমেণ্টখনৰ বিষয়বস্তু ৰাজহুৱা কৰে৷ মন কৰিবলগীয়া যে এন এছ চি এন (আই–এম)এ ৰাজহুৱা কৰা ফ্রেমৱর্ক এগ্রিমেণ্টত স্পষ্টকৈ নগা জনগণৰ সার্বভৌম অধিকাৰৰ বিষয়টো সন্নিৱিষ্ট কৰি এইক্ষেত্রত ভাৰত চৰকাৰ আৰু নগা বিদ্রোহী সংগঠনটো ঐকমত্যত উপনীত হোৱা বুলি কোৱা হৈছে৷ ফ্রেমৱর্ক এগ্রিমেণ্টত এই সন্দর্ভত উল্লেখ কৰা আছে এইদৰে– ‘…গণতন্ত্রত সার্বভৌমত্ব হৈছে সম্পূর্ণৰূপে জনগণৰ বিষয়৷ অনুৰূপ ধৰণে জনগণৰ মনোবাসনাক সন্মান জনাই সার্বভৌম ক্ষমতা ভাগ কৰি(shairing the sovereign power) ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই–এম)এ সন্মানজনক সমাধানৰ বাবে ২০১৫ চনৰ ৩ আগষ্টত চুক্তিবদ্ধ হ’ল৷’ ফ্রেমৱর্ক এগ্রিমেণ্টখনত লগতে এয়াও কোৱা হৈছে যে ইয়াৰ দ্বাৰা ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই–এম)ৰ মাজত সফলতাৰে শান্তি আলোচনাৰ পৰিসমাপ্তি ঘটিল৷ এই প্রসংগত ফ্রেমৱর্ক এগ্রিমেণ্টত উল্লিখিত ভাষ্য এনেধৰণৰ– ‘আমি (দুয়োপক্ষ) আত্মবিশ্বাসী যে এই চুক্তিৰ জৰিয়তে শান্তিপূর্ণ সহাৱস্থানৰ ক্ষেত্রত দুয়ো সত্তা (ভাৰত চৰকাৰ–এন এছ চি এন)ৰ মাজত স্থায়ী তথা নতুন সম্পর্ক গঢ় লৈ উঠিব৷’ এন এছ চি এন (আই–এম)এ দাবী কৰা মতে, ফ্রেমৱর্ক এগ্রিমেণ্টত সন্নিৱিষ্ট এই ‘নতুন সম্পর্ক’ শব্দ দুটা ভাৰতীয় সংবিধান বহির্ভূত বিষয়৷ পিছে মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে অতি চতুৰতাৰে ‘নতুন সম্পর্ক’ৰ ঠাইত কেৱল ‘সম্পর্ক’ গঢ় লৈ উঠিব বুলিহে সংশ্লিষ্ট মজিয়াত দাবী কৰি আহিছে বুলি নগা বিদ্রোহী সংগঠটোৱে অভিযোগ উত্থাপন কৰিছে৷ অকল অভিযোগ উত্থাপন কৰাই নহয়, এন এছ চি এন (আই–এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা আৰু এটা প্রতিনিধি দলে মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা আৰ এন ৰবিক অপসাৰণৰ দাবীৰে শেহতীয়াকৈ বাহৰ পাতি আছে নতুন দিল্লীত৷ এনে প্রেক্ষাপটত নগা শান্তি আলোচনাক কেন্দ্র কৰি উদ্ভৱ হোৱা এই জটিলতাৰ মাজতে কেন্দ্রীয় গৃহ মন্ত্রালয় বাৰুকৈয়ে উদ্বিগ্ণ হৈ পৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নগা শান্তি আলোচনাৰ অন্যতম অংশীদাৰ ৭টা আন বিদ্রোহী সংগঠনৰ উমৈহতীয়া মঞ্চ নগা নেচনেল পলিটিকেল গ্রুপছ (এন এন পি জি)এ মধ্যস্থতাকাৰী আৰ এন ৰবি সন্দর্ভত গ্রহণ কৰিছে এন এছ চি এন (আই–এম)ৰ বিপৰীত স্থিতি৷ অর্থাৎ এন এন পি জিয়ে আৰ এন ৰবিক অপসাৰণ বিচৰা নাই৷ আনহাতে, বিভিন্ন নগা জনগোষ্ঠী ঐক্যমঞ্চ নাগা হো হোৱে যোৱা সপ্তাহলৈকে মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা আৰ এন ৰবি অপসাৰণ দাবী কৰি আহিছিল যদিও এতিয়া ওলোটাখৰ মাৰিছে৷ নগা হো হোৰ নেতৃবর্গই শেহতীয়াকৈ নতুন দিল্লীত উপস্থিত হৈ আৰ এন ৰবিৰ জৰিয়তে যিমান সম্ভৱ শীঘ্রে এন এছ চি এন (আই–এম)ৰ সৈতে কেন্দ্রীয় চৰকাৰৰ শান্তি চুক্তি সম্পাদন হোৱাটো বিচাৰিছে৷ কালি নর্থ ব্লকত কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছতেই নাগা হো হোৰ নেতৃবৃন্দই গ্রহণ কৰিছে এনে স্থিতি৷ এনে পৰিস্থিতিত নগা সমস্যাৰ সমাধান আৰু শান্তি আলোচনা প্রক্রিয়া সঠিক দিশে আগবঢ়াই নিয়াৰ লক্ষ্যৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে একাধিক অন্তর্ৱর্তীকালীন মধ্যস্থতাকাৰীক নিযুক্তি দিয়াৰ চিন্তা কৰি আছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক শীর্ষ সূত্রই সদৰী কৰা মতে, ক’ভিড–১৯ আক্রান্ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চিকিৎসালয়ৰ পৰাই বহুচর্চিত নগা শান্তি আলোচনা প্রক্রিয়াৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে৷ আনকি সম্ভাব্য পৰিস্থিতিৰ মোকাবিলাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’ আৰু অসমৰ বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক নগা শান্তি আলোচনা প্রক্রিয়া আগবঢ়াই নিয়াৰ দায়িত্ব অর্পণ কৰা বুলি সূত্রটোত প্রকাশ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰামর্শ মতে অলপতে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’ আৰু অসমৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত এন এছ চি এন (আই–এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাক সাক্ষাৎ কৰা বুলি উল্লেখ কৰি সূত্রটোৱে দাবী কৰা মতে যোৱা ৬ আগষ্টত একাংশ নগা জনগোষ্ঠীয় নেতাৰ সৈতে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’ আৰু অসমৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চার্টার্ড ফ্লাইটযোগে নতুন দিল্লীত উপস্থিত হৈছে৷ ইয়াৰ পিছদিনা অর্থাৎ ৭ আগষ্টত দুয়োৱে থুইংগালেং মুইভাৰ সৈতে এক অনানুষ্ঠানিক আলোচনাত মিলিত হৈ এন এছ চি এন (আই–এম)ৰ অসন্তুষ্টিৰ বুজ লয়৷ লক্ষণীয়ভাৱে চলিত সপ্তাহত এন এছ চি এন (আই–এম)ৰ নেতৃবর্গই মধ্যস্থতাকাৰী আৰ এন ৰবিৰ প্রসংগত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শীর্ষ বিষয়াবর্গৰে ধাৰাবাহিকভাৱে অনানুষ্ঠানিক বৈঠকত মিলিত হৈছে৷ সোমবাৰৰ পৰা প্রতিদিনে চলি থকা এই বৈঠকৰ মাজতে মঙলবাৰে নতুন দিল্লীত উপস্থিত হয় মধ্যস্থতাৰী আৰ এন ৰবিয়েও৷ অৱশ্যে তেওঁ বর্তমানপর্যন্ত এন এছ চি এন (আই–এম)ৰে নতুন দিল্লীত কোনোধৰণৰ আলোচনাত বহা নাই বুলি সূত্রটোৱে সদৰী কৰিছে৷ কাইলৈ আৰ এন ৰবি আৰু এন এছ চি এন (আই–এম)ৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে যদিও বাতৰি লিখা পৰলৈকে এই কথা কোনো এটা পক্ষই নিশ্চিত কৰা নাই৷ কিন্তু আজিও কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শীর্ষস্থানীয় বিষয়াই এন এছ চি এন (আই–এম)ৰ নেতৃবর্গৰে এক আলোচনাত বহিছে৷ সূত্রটোৱে এই প্রসংগত দিয়া ইংগিত অনুসৰি কেন্দ্রীয় চৰকাৰে মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা আৰ এন ৰবিক আনুষ্ঠানিকভাৱে অপসাৰণ নকৰিলেও নেফিউ ৰি’ আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে আৰু আন দুই–এজন প্রভাৱশালী নেতাক অন্তর্ৱর্তীকালীন মধ্যস্থতাকাৰীৰ দায়িত্ব দিব পাৰে৷ বাস্তৱত এন এছ চি এন (আই–এম)ক বাদ দি যে বহুচর্চিত নগা শান্তি চুক্তি সম্পাদন কৰাটো একপ্রকাৰ অসম্ভৱ, সেই কথা বিবেচনা কৰিয়েই অন্তিম মুহূর্তত কেন্দ্রীয় চৰকাৰে হয়তো এক মধ্যম পন্থা অৱলম্বনৰ বাবে ৰণনীতি প্রস্তুত কৰি আছে৷ মূলতঃ পৃথক পতাকা আৰু সংবিধানক লৈ শেহতীয়াকৈ যি জটিলতা সৃষ্টি হৈছে, সেয়া সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এক পদক্ষেপ গ্রহণ কৰা হ’ব পাৰে৷ চলিত মাহতেই এই পদক্ষেপ নির্ধাৰিত হ’ব বুলি সূত্রটোৱে স্পষ্ট কৰি দিছে৷ সূত্রটোৰ মতে মধ্যস্থতাকাৰী আৰ এন ৰবিৰ লগতে কেন্দ্রীয় চৰকাৰেও ছেপ্ঢেম্বৰ মাহৰ ভিতৰত যিকোনো প্রকাৰে নগা শান্তি চুক্তি চূড়ান্ত হোৱাটো বিচাৰিছে

You might also like