নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কপিল দলে সভাপতি, লোহিত চুংক্ৰাং সাধাৰণ সম্পাদক নিৰ্বাচিত লামা বৰগঢ়া এপ’ল ইলেভেন যুৱক সংঘৰ সাধাৰণ সভা, বনানীকৰণ নিৰ্মাণ, চাৰিটা ভাষাত আলোচনী প্ৰকাশৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ধেমাজি জিলাৰ ডিমৌ অঞ্চলৰ ১৯৯১ চনতে প্ৰতিষ্ঠা হোৱা লামা বৰগঢ়া এপ’ল ইলেভেন যুৱক সংঘৰ সাধাৰণ সভাখন আজি অনুষ্ঠিত কৰা হয়।শিক্ষক তথা সমাজকৰ্মী পুশিধৰ চুঙক্ৰাঙৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সংঘৰ সাধাৰণ সম্পাদক ৰীতেশ্বৰ দলেয়ে।সভাত সংঘৰ উপদেষ্টা ফনীধৰ দ্বাৰিক, শশীধৰ চুঙক্ৰাঙৰ লগতে কেবাগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকি আৰ্থ-সামাজিক, শৈক্ষিক, ক্ৰীড়া, সাংস্কৃতিক আদি দিশত যুৱক সংঘই পালন কৰিব লগীয়া দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোচনা আগবঢ়ায়।

আজিৰ গুৰুত্বপূৰ্ণ সাধাৰণ সভাখনতে লামা বৰগঢ়া এপ’ল ইলেভেন যুৱক সংঘৰ পুৰণা সমিতিখন ভঙ্গ কৰি এখন শক্তিশালী নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিখনত কপিল দলেক সভাপতি, লেলিন চুঙক্ৰাঙ,কমল চুবেদীক উপ সভাপতি, লোহিত চুংক্ৰাঙক সাধাৰণ সম্পাদক, প্ৰদ্যোত্ম দ্বাৰিকক সহঃ সাধাৰণ সম্পাদক, বিচিত্ৰ চুঙক্ৰাঙ,লজি দলেক সাংস্কৃতিক সম্পাদক, মোহন কুলি, ৰমেশ টাইদক আলোচনী সম্পাদক, মেদিনী মোহন দ্বাৰিকক কাৰ্য্যালয় সম্পাদক, সঞ্জীৱ শৰ্মাক প্ৰচাৰ সম্পাদক, জিতু কুলিক বিত্ত সম্পাদক হিচাপে লৈ একছল্লিশ জনীয়াকৈ লামা বৰগঢ়া এপ’ল ইলেভেন যুৱক সংঘৰ কাৰ্য্যকৰী সমিতিখন গঠন কৰা হয় ।সমিতিত মুখ্য উপদেষ্টা পদত ফনীধৰ দ্বাৰিক আৰু উপদেষ্টা হিচাপে শশীধৰ চুঙক্ৰাঙ,প্ৰতিনাথ দ্বাৰিক, ৰীতেশ্বৰ দলে,খীলেশ্বৰ টায়ে আৰু শশীৰাম চুঙক্ৰাঙক মনোনীত কৰা হয়। সভাত অঞ্চলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা কৃৰ্তি পৰীক্ষাৰ্থীক সম্বৰ্দ্ধনা জনোৱা, সংঘৰ নামত থকা আঠছল্লিশ বিঘাৰ আঠ বিঘা মাটিত আৰভিচিৰ দ্বাৰা গছপুলি ৰোপণ কৰা, ইংৰাজী, অসমীয়া, মিচিং আৰু নেপালী ভাষাত সংঘৰ আলোচনী প্ৰকাশ কৰা, লামা বৰগঢ়া গাঁৱত মাদক দ্ৰব্য নিবাৰণৰ ব্যৱস্থা হাতত লোৱা আদি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

You might also like