নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰম‍াৰা বন বিভাগৰ অভিযান; টাটা মেজিক সহ ৭০ হেজাৰ টকাৰ মূল্যবান কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কুকুৰমাৰা ৰে’ল গেটত চোৰাং কাঠ কঢ়িয়াই নিয়া এখন টাটা মেজিক কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথে অভিযান চলাই জব্দ কৰে ৷ জব্দ কৰা মূল্যৱান শাল আৰু ননশাল কাঠ খিনিৰ মূল্য প্ৰায় ৭০ হেজাৰ হ’ব বুলি বন বিভাগে জানিব দিয়ে ৷

ঘটনাৰ বিৱৰণীত জানিব পৰামতে দক্ষিণ কামৰূপৰ ছয়গাঁও কুলশী পথেৰে প্ৰায়েই চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ কথা খণ্ড বন বিষয়া গৰাকীয়ে জানিব পাৰি প্ৰতি নিশাই চোৰাং কাঠ জব্দ কৰাৰ বাবে অভিযান চলাই আহিছিল ৷ কিন্ত চোৰাং বেপাৰীয়ে বন বিভাগৰ অভিযানৰ কথা গম পাই চোৰাং কাঠ কঢ়িওৱা পথ সলাইছিল ৷ পিচত যোৱা নিশাৰ পৰা খণ্ড বন বিষয়া গৰাকীৰ লগতে এটি বনকৰ্মীৰ দলে সাধাৰণ মানুহৰ দৰে বিভিন্ন ঠাইত অভিযান চলাই ৷ এনেদৰে দিনৰ ভাগতো এনেদৰে খাপ পিতি ৰৈ থকাৰ পিচত আজি পুৱা প্ৰায় ৯.৩০ বজাত চোৰাং কাঠ কঢ়িয়াই নিয়া এ এছ ২৫ বিচি ৪৪৯৮ নম্বৰৰ গাড়ী খন কুকুৰমাৰা ৰে’ল গেটত জব্দ কৰিবলৈ সক্ষম হয় ৷ খণ্ড বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ামতে কুকুৰমাৰাত বন বিভাগৰ কাৰ্যালয়টো থকাৰ বাবে খাৰাভাংগা হৈ আমত’লা সত্ৰৰ মাজেৰে ৩ নং আমত’লাৰে কুকুৰমাৰা ৰে’ল লেভেল কচিঙৰে গাড়ীবোৰ পাৰ কৰি লৈ যায় ৷ আজি জব্দ কৰা কাঠখিনি বাটৰহাট হৈ গৰগৰালৈ নিয়া হ’লহেতেন বুলিও জানিব পৰা গৈছে ৷

You might also like