নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ তুলসীবিলত পুতি থোৱা অস্ত্র–শস্ত্র উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  কোকৰাঝাৰ জিলাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তর্গত পানীজানি দ্বিতীয় খণ্ডত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র–গুলী–বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে সদৰী কৰা মতে, এক গোপন সূত্রৰ পম খেদি তুলসীবিল এলেকাৰ পানীজানি দ্বিতীয় খণ্ডৰ জংঘল এলেকাত পুৱাৰে পৰা অভিযান চলোৱা হয়৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুকুট ৰাভাৰ নেতৃত্বত আৰু তুলসীবিল উপ–আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া পার্থপ্রতিম বিশ্বাস আৰু টাউন উপ–পৰিদর্শক লাটুক দাসৰ সহযোগত চলোৱা এই অভিযানত দলটোৱে পুতি থোৱা অৱস্থাত এ কে–৫৬ ৰাইফল দুটা, মেগজিন তিনিটা, ৩৬ নম্বৰৰ এইচ ই গ্রেনেড দুটা, ২১১ ৰাউণ্ড সক্রিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত কাকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like