নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবোনৰ বাকচত ২০ লাখ টকাৰ ব্ৰাউন চুগাৰঃ কাৰ্বি আংলঙত আৰক্ষীৰ জালত দুই যুৱক

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ এক অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং আৰক্ষী৷ ব্ৰাউন চুগাৰ খিনি চাবোনৰ বাকচত ভৰাই আনিছিল দুই যুৱকে৷ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সৰবৰাহৰ লগত জড়িত দুই সৰবৰাহকাৰী যুৱককো ডিলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হোজাই জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিৰাম গাঁৱৰ বাসিন্দা ছফিকুল ইছলামৰ পুত্ৰ মাইনুল হক (২৫) আৰু একেখন গাঁৱৰে বাসিন্দা অশ্বিত উদ্দিনৰ পুত্ৰ আলি হুছেইনক (২৫) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ২০ লক্ষাধিক হোৱাৰ লগতে ডিলাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি ধৃত যুৱক দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। জানিব পৰা মতে, বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে মঙলবাৰে বিয়লি এএছ-০২-বিচি-৭৮৬৬ নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসে এক গোপন খবৰৰ ভিত্তিত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী ডিলাই-লাহৰীজানত অভিযান চলাই৷ ডিলাই-লাহৰীজান তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ডিলাই-লাহৰীজানত হঠাতে চলোৱা অভিযানত গাড়ীখনৰ চালকৰ আসনৰ তল ভাগত নিৰ্দিষ্ট ঠাই তৈয়াৰ কৰি লোৱা স্থানৰ পৰা ৫২টা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উক্ত পেকেট সমূহৰ পৰা মুঠ ৬৪৯ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ উদ্ধাৰ হয়৷ নগালেণ্ডৰ ডিমাপুৰৰ পৰা নগাঁৱৰ ডবকালৈ বিক্ৰীৰ বাবে নি আছিল বুলিও মহকুমা আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে। উল্লেখ্য যে, বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোত বিভিন্ন সময়ত চলোৱা নিয়মীয়া তালাচীত মণিপুৰ, নগালেণ্ডৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ সৰবৰাহ হোৱা কোটি কোটি টকা মূল্যৰ ড্ৰাগছ, গাঁঞ্জা তথা বিভিন্ন অবৈধ সামগ্ৰী জব্দ কৰা ঘটনাই ৰাষ্ট্ৰীয় ঘাইপথটোক একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ ব্যৱসায়ৰ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ সত্য বুলি প্ৰমাণিত হৈছে।

You might also like