নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ উদমাৰীত আছাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত উদমাৰী অঞ্চলত আজি আছাই এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে ৷প্ৰতিবাদ কাৰি সকলে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল মূৰ্দাবাদ,ভাৰত চৰকাৰ মূৰ্দাবাদ ,বিজেপি চৰকাৰ মূৰ্দাবাদ, ন এষ্টি ন ভোট বিজেপি, আদিবাসী সকলক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক, আদি বিভিন্ন শ্লোগানেৰে এক উত্তাল পৰিৱেশ সৃষ্টি কৰি আজি চামগুৰিৰ উদমাৰী চাৰি আলিত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ চামগুৰি উদমাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত আছা ননৈ শিয়াল বস্তি প্ৰাথমিক গোট সমিতিৰ উদ্যোগত আজি ৰূপায়ন কৰা কাৰ্য্যসূচীত আছাৰ সদস্য সকলে সামাজিক দূৰত্ব বজাই ৰাখি দীৰ্ঘদিনীয়া দাবী
পূৰণৰ লগতে আদিবাসী জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ বিচাৰি ২ঘন্টীয়া মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত কাৰ্য্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুৰন গঞ্জু, আছা নগাওঁ জিলা সমিতিৰ শিক্ষা সম্পাদক, বিন্দেশ্বৰ গঞ্জু, সহ:সাংস্কৃতিক সম্পাদক ,পবিত্ৰ ভূমিজ, আছা ননৈ শিয়াল বস্তি প্ৰাথমিক গোট সমিতিৰ সভাপতি আচাম হৰ সম্পাদক ,প্ৰসাদ বড়াইক আৰু উদমাৰী আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকলৰ লগতে শতাধিক আছাৰ সদস‍্য উপস্থিত থাকে । প্ৰতিবাদকাৰী সকলে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠী সকলক ২০২১ চনৰ আগে আগে জনজাতিকৰণ প্ৰদান কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে ৷ অন‍্যথা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত চাহ বাগিচা তথা আদিবাসী অঞ্চল সমূহত বিজেপিৰ প্ৰৱেশ বন্ধ হ‘ব তথা আদিবাসী জনগোষ্ঠীক বিজেপি দলক ভোট নিদিবলৈ উৎসাহীত কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে, চাহ শ্ৰমিকৰ মজুৰি ৩৫০/-টকালৈ বৃদ্ধি কৰা , আদিবাসী চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰাকে ধৰা অন্যান্য দাবী পূৰণৰ বাবে প্ৰতিবাদকাৰী সকলে দাবী উত্থাপন কৰে ৷

You might also like