নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত চোৰাংকাঠ মাফিয়াৰ অভিযানকাৰী দলক আক্ৰমণ: শূন্য লৈ গুলী অভিযানকাৰী দলৰ ,গ্ৰেপ্তাৰ-১

নিয়মীয়া বাৰ্তা , ১৪ আগষ্ট : চিৰাং জিলাৰ থাইকাঝোৰাত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা বন সুৰক্ষা কৰ্মী আৰু এছএছ বিৰ দলক বন মাফিয়াৰ দলে আক্ৰমণৰ লক্ষ্য কৰি লয়। আজি পুৱতিনিশা বন মাফিয়াৰ দলে এই কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে। গোপন সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত বন বিভাগ আৰু এছ এছ বিৰ যৌথ দলে ওদালগুৰি বনাঞ্চলত অভিযান চলাই চাৰিখনকৈ চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে ৷

কাঠ ভৰ্তি বাহনৰ লগতে ছখনকৈ চাইকেলো জব্দ কৰি অভিযানকাৰী দলটো উভতি অহাৰ বাটত প্ৰায় ১০/১৫ জনীয়া বনমাফিয়াৰ দলে থাইকাঝোৰাত বাট আগচি ধৰি আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ অভিযানকাৰী দলে বন মাফিয়াৰ দলক প্ৰত্যাহ্বান জনোৱাত দুৰ্বৃত্তৰ দলৰ সৈতে হতাহতিৰ সূত্ৰপাত হয় ৷ অৱশেষত আক্ৰমণকাৰী দলটোক নিয়ন্ত্ৰণ তথা খেদি পঠিয়াবলৈ অভিযানকাৰী দলে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷ বন বিভাগ আৰু এছএছবিৰ দলে অবৈধ চোৰাং কাঠ ব্যৱসায়ী এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও বাকী সকলে পলায়ন কৰিবলৈ বাধ্য হয় ৷ ধৃত চোৰাং কাঠ ব্যৱসায়ীজনক চিদলী থানাৰ অন্তৰ্গত গাৰলাবাৰীৰ খগেন নাৰ্জাৰীৰ পুত্ৰ প্ৰহিল্য নাৰ্জাৰী (৩৫) বুলি চিনাক্ত কৰা হৈছে ৷

সম্প্ৰতি চোৰাং কাঠসহ চাৰিওখন বাহন ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ৷ ধৃত লোকজনক আজি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিন্মা লৈ প্ৰেৰণ কৰে ৷ জব্দকৰা বাহন চাৰিখনৰ ভিতৰত দুখনৰে চেছিচ নম্বৰ নাই বুলি জানিব পৰা গৈছে ৷ চিৰাং জিলাৰ ডিএফ অ’ ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে জিলাখনৰ তিনিজনকৈ বন কৰ্মীক চোৰাং কাঠৰ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত বৰ্খাস্ত কৰাৰ পিছত বিভাগৰ বিষয়া-কৰ্মীচাৰী সকলৰ মনোবল কিছুপৰিমাণে দুৰ্বল হৈ পৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব বিচাৰিছিল বন মাফিয়া তথা চোৰাং কাঠ সৰবৰাহকাৰী সকলে ৷ বন মাফিয়াৰ দলে যোৱা দুটা দিনত বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰি বহু কেইখন বাহনৰে চোৰাং কাঠ কঢ়িয়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছিল ৷ এই বিষয়ে বন বিভাগে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত ন উদ্যমেৰে চোৰাং কাঠৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যোৱানিশাৰ পৰা অভিযান আৰম্ভ কৰে ৷ এই অভিযানকালত ৮’৮৫৭ ঘন মিটাৰ মূল্যৱান কাঠসহ বাহন চাৰিখন , ছখন চাইকেল আৰু দুৰ্ধষ চোৰাং কাঠ ব্যৱসায়ী জনক কৰায়ত্ত কৰে ৷ জব্দ কৰা বাহন কেইখনৰ ভিতৰত এখন বাহন কালি দিনৰ ভাগতে সন্দেহজনকভাৱে জব্দ কৰি ৰুণীখাটা আৰক্ষীক সমজাই দিছিল ৷ বনাঞ্চলৰ ভিতৰত সন্দেহজনকভাৱে ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি বন বিভাগে জব্দ কৰা বাহন খনৰ চালকে কোনো ধৰণৰ বৈধ নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত আৰক্ষীক গতাই দিছিল ৷ আৰক্ষীক গতাই দিয়াৰ পিছ মুহূৰ্ততে নথি পত্ৰ বিহীন বাহনখন থানাৰ পৰা মুকলি হৈ চোৰাং কাঠ কঢ়িওৱা কামত জড়িত হৈ পৰে ৷ আৰক্ষীক গতাই দিয়া এই বাহনখন পিছত কি দৰে চোৰাং কাঠ ব্যৱসায়ীয়ে আৰক্ষীৰ জিন্মাৰ পৰা মোকলাই নিবলৈ সক্ষম হ’ল তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সন্দেহ ঘনীভূত হৈছে ৷

You might also like